*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা* গোলাঘাট, ১ মাৰ্চ : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষাৰ সময়ছোৱাত যিকোনো বে-আইনী তথা অপ্ৰীতিকৰ ঘটনা ৰোধ কৰা তথা পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হোৱা ভীৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে তিনিজন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্ত্ৰ, বাৰুদ অথবা কোনো সন্দেহজনক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যানবাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰা অথবা অকৰ্তৃত্বশীল বাহনৰ অবৈধ পাৰ্কিং আদি নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পিকাৰ/ উচ্চ শব্দ প্ৰাবল্য সৃষ্টিকাৰী সামগ্ৰী, বাদ্য আদি বজাব নোৱাৰিব । পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নিৰ্দেশ বাহাল থাকিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।