খুমটাইৰ ব্ৰহ্মপুত্ৰত নাৰী সৱলীকৰণ কাৰ্যসূচী

, গোলাঘাট ২৮ ফেব্ৰুৱাৰী।

: গ্ৰামাঞ্চলত চলিছে নাৰী সৱলীকৰণৰ সংগ্ৰাম। খুমটাইৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৮০০ মহিলাক দিয়া হৈছে কাৰিকৰী প্ৰশিক্ষণ। মহিলাসকলক স্বাৱলম্বী কৰিবলৈ স্বেচ্ছাসেৱী সংগঠন GT আৰু ASRLM ৰ বিনম্ৰ প্ৰয়াস। কেইবাটাও কেন্দ্ৰত শ শ মহিলাক প্ৰদান কৰিছে বিনামূলীয়া কাৰিকৰী প্ৰশিক্ষণ।এই সকল দুখীয়া দৰিদ্ৰ মহিলাই যাতে নিজৰ ভৰিত ভৰি থৈ পৰিয়াল পোহ-পাল দিব পাৰে তাৰ বাবে গোলাঘাটৰ GT আৰু ASRLM ৰ যৌথ প্রচেষ্টাত মহিলা সকলক প্ৰদান কৰিছে কাপোৰ চিলোৱা,আচাৰ প্ৰস্তুত আদিৰ প্ৰশিক্ষণ। বিভিন্ন ধৰণৰ মহিলাৰ কাপোৰ চিলাই প্ৰশিক্ষণত মহিলা সকলে অংশ লৈ যথেষ্ট উপকৃত হৈছে ।