মঙলদৈ সদৰ থানাৰ অন্তৰ্গত উদমাৰী আৰু কমাৰপাৰা সংযোগী পথ বিচ্ছিন্ন ৷

ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মান কৰিলে বাহৰ দলং ৷

যোৱা ১৭ জুলাইত বানপানীয়ে চিঙা অংশত পৰি এজনৰ মৃত্যু হৈছিল ৷

বিগত পষেকত সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো বানপানীয়ে তাণ্ডৱ চলালে ৷ বানপানীৰ প্ৰৱল শোতে চিঙি নিলে বাটপথ, দলং, মাঠাউৰি ৷ দৰং জিলাৰ অন্তৰ্গত উদমাৰী আৰু কমাৰপাৰা সংযোগী পথ মেৰামতিৰ চেষ্টা ৰাইজৰ ৷

বানপানীয়ে চিঙি নিয়া পথৰ গাতত পৰি উদমাৰী গাওঁৰ গোপাল ডেকা নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিচত ৰাইজে চৰকাৰলৈ বাট নাচাই নিজে হাতেকামে লাগি নিৰ্মাণৰ চেষ্টা কৰিলে দলং ৷

আৰু এজন গোপাল ডেকাক হেৰুৱাব নিবিচৰা ৰাইজে চিঙি যোৱা পথ চোৱাত যথোপযুক্ত ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনালে ৷