মাজুলীৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় বিধায়ক ভুৱন গাম।

মাজুলীৰ যুৱক-যুৱতী সকলক কৃষিকৰ্ম, পশুপালন, মীনপালন, হস্ততাঁত বস্ত্ৰশিল্প, ক্ষুদ্ৰ উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এক আঁচনি যুগুত কৰি অনাগত দিনত মাজুলী আইক প্ৰতিটো ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আজি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে মত-বিনিময় কৰে বিধায়ক ভুৱন গামে।মাজুলীৰ সকলো ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে আমি মাজুলী আইক প্ৰতিটো ক্ষেত্ৰত আগুৱাই নিব পাৰিম বুলি বিশ্বাসী । আশা কৰো, অনাগত দিনত মাজুলী আইৰ উন্নয়নৰ স্বাৰ্থত যুৱক-যুৱতী সকলক লগত লৈ আমি আগবাঢ়ি যাব পাৰিম বুলি মন্তব্য কৰে বিধায়ক জনে।