গোলাঘাটৰ খুমটাই সমষ্টিত আজিৰে পৰা অনুষ্ঠিত হৈছে আন্তঃ গাঁও পৰিচ্ছন্নতা প্ৰতিযোগিতা । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত জিলা পৰিষদ এলেকা ভিত্তিক অনুষ্ঠিত হৈছ এই প্ৰতিযোগিতা । খুমটাই সমষ্টিৰ ৪ খন জিলা পৰিষদৰ অন্তৰ্গত ১৪৮ খন ৰাজহ গাঁৱে অংশ লৈছে এই প্ৰতিযোগিতাত। ঐতিহাসিক ৰহঢলা পথাৰত মৃণাল শইকীয়াই নিজে হাতত ঝাড়ু লৈ আজি শুভাৰম্ভ কৰে প্ৰতিযোগিতাখন । মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰত্যেকটো জিলা পৰিষদত উপস্থিত থাকি গাঁও সমূহ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব ফলাফল । সমষ্টিৰ বাহিৰৰ তিনিজনীয়া চাৰিটা দলক দিয়া হ'ব বিচাৰকৰ দায়িত্ব। প্ৰশাসনিক বিষয়া,সংবাদ মাধ্যমৰ লোক,আৰু এগৰাকী সামাজিক ব্যক্তি থাকিব বিচাৰকৰ দলত । প্ৰথম পুৰষ্কাৰ এক কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ,দ্বিতীয় পুৰষ্কাৰ ১০ লাখ টকাৰ উন্নয়নমূলক আঁচনি,তৃতীয় পুৰষ্কাৰ ৮ লাখ টকাৰ উন্নয়নমূলক আঁচনি,চতুৰ্থ পুৰষ্কাৰ ৫ লাখ টকাৰ উন্নয়নমূলক আঁচনি আৰু পঞ্চম পুৰষ্কাৰত থাকিব ৩ লাখ টকাৰ উন্নয়নমূলক আঁচনি । আনহাতে আন্ত:বাগিছা পৰিচ্ছন্নতা প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ৫ লাখ টকাৰ উন্নয়নমূলক আঁচনি,দ্বিতীয় পুৰষ্কাৰ ৩ লাখ টকাৰ উন্নয়নমূলক আঁচনি আৰু তৃতীয় পুৰষ্কাৰত থাকিব ২ লাখ টকাৰ উন্নয়নমূলক আঁচনি । এই প্ৰতিযোগিতাত প্ৰতিখন গাঁৱৰ আলিবাট,ৰাজহুৱা স্থান,অনুষ্ঠান-প্ৰতিষ্ঠান,বিদ্যালয়,ধৰ্মীয় অনুষ্ঠান আদিৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব দিয়া হ'ব । প্লাষ্টিক বৰ্জনৰ বাবে দিয়া হ'ব বিশেষ গুৰুত্ব । তাৰোপৰি ৰাজহুৱা স্থান আৰু ব্যক্তিগত বাৰীত থকা পৰম্পৰাগত বৃক্ষৰ উৎকৃষ্ট প্ৰতিপালনৰ বাবে থাকিব সুকীয়া মূল্যাংকন। ১৪৮ খন গাঁৱৰ অংশগ্ৰহণত আনন্দিত হৈ পৰিছে বিধায়ক গৰাকী । সমগ্ৰ খুমটাই সমষ্টিক স্বচ্ছ ৰূপত গঢ়ি তোলাৰ উদ্দেশ্য আয়োজন কৰা প্ৰতিযোগিতাৰ জৰিয়তে এক স্বচ্ছ সমষ্টি ৰূপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছে বিধায়ক মৃণাল শইকীয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરતમા ભવ્ય બ્યુટી બ્રાઈડલ શો મા સરાઠે ઇન્ટર. હેર એન્ડ બ્યુટી એકેડેમી દ્વારા 50 બ્યુટીશનોએ ભાગ લીધો.
સુરતમા ભવ્ય બ્યુટી બ્રાઈડલ શો મા સરાઠે ઇન્ટરનેશનલ હેર એન્ડ બ્યુટી એકેડેમી દ્વારા 50...
राजस्थान उपचुनाव रिजल्ट के बाद सामने आया डोटासरा का पहला बयान, कहा- हार की जिम्मेदारी लेता हूं...
राजस्थान विधानसभा की 7 सीटों पर हुए उपचुनाव का रिजल्ट जारी कर दिया गया है. खींवसर, झुंझुनू,...
इम्तिहान में कामयाब हुई मदरसे की छात्राओं को किया गया सम्मानित।
-डॉक्टर इंजीनियर और आईएएस बनने की चाहत लेकर अपनी पढ़ाई को कायम रखना चाहती हैं मदरसे की छात्राएं।...
થરાદ ની સરકારી અનુજાતિ કન્યા છાત્રાલય ની છાત્રાઓ છાત્રાલય ના પ્રશ્નો નુ નિરાકરણ લાવવા માટે નાયબ કલેકટર ને આવેદનપત્ર આપ્યું
થરાદ ની સરકારી અનુજાતિ કન્યા છાત્રાલય ની છાત્રાઓ છાત્રાલય ના પ્રશ્નો નુ નિરાકરણ લાવવા માટે નાયબ...
चंबल नदी में उफान , केथुदा पुलिया पर पानी , दो जिलों का संपर्क , इटावा - सवाईमाधोपुर मार्ग बंद
खातोली झरेर चंबल नदी की पुलिया पर पानी आने से रास्ता अवरुद्ध यात्री परेशान
इटावा
चंबल नदी की झरेल...