গোলাঘাটৰ খুমটাই সমষ্টিত আজিৰে পৰা অনুষ্ঠিত হৈছে আন্তঃ গাঁও পৰিচ্ছন্নতা প্ৰতিযোগিতা । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত জিলা পৰিষদ এলেকা ভিত্তিক অনুষ্ঠিত হৈছ এই প্ৰতিযোগিতা । খুমটাই সমষ্টিৰ ৪ খন জিলা পৰিষদৰ অন্তৰ্গত ১৪৮ খন ৰাজহ গাঁৱে অংশ লৈছে এই প্ৰতিযোগিতাত। ঐতিহাসিক ৰহঢলা পথাৰত মৃণাল শইকীয়াই নিজে হাতত ঝাড়ু লৈ আজি শুভাৰম্ভ কৰে প্ৰতিযোগিতাখন । মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰত্যেকটো জিলা পৰিষদত উপস্থিত থাকি গাঁও সমূহ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব ফলাফল । সমষ্টিৰ বাহিৰৰ তিনিজনীয়া চাৰিটা দলক দিয়া হ'ব বিচাৰকৰ দায়িত্ব। প্ৰশাসনিক বিষয়া,সংবাদ মাধ্যমৰ লোক,আৰু এগৰাকী সামাজিক ব্যক্তি থাকিব বিচাৰকৰ দলত । প্ৰথম পুৰষ্কাৰ এক কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ,দ্বিতীয় পুৰষ্কাৰ ১০ লাখ টকাৰ উন্নয়নমূলক আঁচনি,তৃতীয় পুৰষ্কাৰ ৮ লাখ টকাৰ উন্নয়নমূলক আঁচনি,চতুৰ্থ পুৰষ্কাৰ ৫ লাখ টকাৰ উন্নয়নমূলক আঁচনি আৰু পঞ্চম পুৰষ্কাৰত থাকিব ৩ লাখ টকাৰ উন্নয়নমূলক আঁচনি । আনহাতে আন্ত:বাগিছা পৰিচ্ছন্নতা প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ৫ লাখ টকাৰ উন্নয়নমূলক আঁচনি,দ্বিতীয় পুৰষ্কাৰ ৩ লাখ টকাৰ উন্নয়নমূলক আঁচনি আৰু তৃতীয় পুৰষ্কাৰত থাকিব ২ লাখ টকাৰ উন্নয়নমূলক আঁচনি । এই প্ৰতিযোগিতাত প্ৰতিখন গাঁৱৰ আলিবাট,ৰাজহুৱা স্থান,অনুষ্ঠান-প্ৰতিষ্ঠান,বিদ্যালয়,ধৰ্মীয় অনুষ্ঠান আদিৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব দিয়া হ'ব । প্লাষ্টিক বৰ্জনৰ বাবে দিয়া হ'ব বিশেষ গুৰুত্ব । তাৰোপৰি ৰাজহুৱা স্থান আৰু ব্যক্তিগত বাৰীত থকা পৰম্পৰাগত বৃক্ষৰ উৎকৃষ্ট প্ৰতিপালনৰ বাবে থাকিব সুকীয়া মূল্যাংকন। ১৪৮ খন গাঁৱৰ অংশগ্ৰহণত আনন্দিত হৈ পৰিছে বিধায়ক গৰাকী । সমগ্ৰ খুমটাই সমষ্টিক স্বচ্ছ ৰূপত গঢ়ি তোলাৰ উদ্দেশ্য আয়োজন কৰা প্ৰতিযোগিতাৰ জৰিয়তে এক স্বচ্ছ সমষ্টি ৰূপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছে বিধায়ক মৃণাল শইকীয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भोपालः बच्ची से रेप के आरोपी ड्राइवर पर बड़ी कार्रवाई, प्रशासन ने घर गिराया
मध्य प्रदेश सरकार भी यूपी की तरह अपराधियों को सजा दे रही है. एक मामले में भोपाल में तीन साल की...
Prajwal Revanna Arrested: बेंगलुरु एयरपोर्ट से प्रज्वल रेवन्ना की गिरफ्तारी, SIT ने किया गिरफ्तार
Prajwal Revanna Arrested: बेंगलुरु एयरपोर्ट से प्रज्वल रेवन्ना की गिरफ्तारी, SIT ने किया गिरफ्तार
हावड़ा मुंबई एक्सप्रेस का झारखंड में बड़ा रेलवे हादसा, 150 से ज्यादा लोग घायल
छत्तीसगढ़ से इस वक्त बड़ी खबर सामने आई है। जहां झारखंड राज्य में हावड़ा मुंबई एक्सप्रेस का...
બરવાળા લઠ્ઠા કાંડ થી મોતનું તાંડવ રોજીદ ગામે ઝેરી દારૂ પીતા ૧૮ ના મોત ૪૫ ની હાલત ગંભીર અમદાવાદ ક્રાઈમ બ્રાન્ચે લઠ્ઠો બનાવનાર અને તેને કેમિકલ આપનારને પણ ઝડપી પાડયો
બોટાદ ૫ કલાક પહેલાં ભાવનગરમાં ૩ ના મોત નીપજ્યા છે,જ્યારે ૩૦ દર્દી દાખલ છે , જેમાંથી ૩ ની હાલત...
Facebook और Instagram पर नहीं नजर आएंगे विज्ञापन, नए प्लान के लिए Meta ले सकता है इतनी कीमत
Ad free Instagram-Facebook अगर आप भी मेटा के पॉपुलर प्लेटफॉर्म्स इंस्टाग्राम और फेसबुक का...