নাজিৰাত অ' এন জি চিৰ (ONGC ) বিৰুদ্ধে সৰৱ বিকলাংগ কল্যাণ সমিতি / নিযুক্তি , ঠিকা , বিনামূলীয়াকৈ চিকিৎসা আৰু ঔষধ যোগানৰ দাবীত অনশনত বহিল বিশেষ ভাৱে সক্ষম লোক। দেশৰ অন্যতম মহাৰত্ন উদ্যোগ " তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ' এন জি চি ) অসম সম্পদ কৰ্তৃপক্ষই ঔদ্যোগীক নীতি অনুসৰি প্ৰদান কৰিব লগা নিগমৰ সংশ্লিষ্ট এলেকাৰ শৈক্ষিক , সামাজিক , স্বাস্থ্য , সাংস্কৃতিক , অৰ্থনৈতিক তথা নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত বছৰ বছৰ চৰম প্ৰতাৰণা , প্ৰৱঞ্চনা কৰি আহিছে জনগণক । বিভিন্ন সময়ত বহু দল - সংগঠনে স্থানীয় ৰাইজৰ সমস্যাৰাজীৰ স্থায়ী সমাধানৰ বাবে গণ আন্দোলন , স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও অ' এন জি চি কৰ্তৃপক্ষৰ কোনো গা লৰা নাই ।

 যাৰ পৰিপ্ৰেক্ষিত্বত আজি পুনৰ নাজিৰা বিকলাংগ কল্যাণ সমিতিয়ে অ' এন জি চি অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৮ঘণ্টীয়া অনশনত বহি প্ৰতিবাদ সাব্যস্থ কৰিবলৈ বাধ্য হয়। যোগ্যতা ভিত্তিত স্থানীয় বিশেষ ভাৱে সক্ষম লোকক অ - কাৰিকৰী বিভাগত অতি শীৰ্ঘ্ৰে নিযুক্তি দিয়া , যি সকল দিব্যাংগ শাৰীৰিক তথা আৰ্থিক ভাৱে অতিকৈ পিছপৰা তেওঁলোকক মাহেকীয়া অথবা বাৰ্ষিক পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা , প্ৰতিষ্ঠানটোত ব্যৱহৃত বাহন তথা অন্যান্য সৰু সৰু ঠিকা সমূহৰ নিবিদাত দিব্যাংগ সকলক সুবিধা প্ৰদান কৰা , দিব্যাংগ সকলৰ বাবে বিনামূলীয়াকৈ চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা আদি দাবী দীৰ্ঘদিন ধৰি নিগম কৰ্তৃপক্ষক জনাই অহাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰা তথা দিব্যাংগ সকলক চৰম প্ৰতাৰণা , প্ৰৱঞ্চনা কৰাৰ প্ৰতিবাদ জনাই আজি নিগমৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৮ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নাজিৰা বিকলাংগ কল্যাণ সমিতিৰ শতাধিক লোকে । এই প্ৰতিবাদৰ পিছতো দহ দিনৰ ভিতৰত দাবী সমূহ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে অ' এন জি চিৰ অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মুখত ইয়াতকৈ তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিশেষ ভাৱে সক্ষম প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে ।