ৰহাত ১৩ফেব্ৰুবাৰীৰ পৰা চলি থকা চাৰি দিনীয়া "নিপুন অসম"প্ৰশিক্ষণ ৰ আজি সফল সমাপন হয়।

     বৰ্ষ ২০২৬-২৭ ভিতৰত ৩ৰপৰা ৯বছৰ বয়সৰ প্ৰতিটো শিশুবে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান আহৰন কৰিবলৈ সক্ষম হোবাৰ লক্ষ্যৰে নতুন শিক্ষা নীতিৰ আলমত কেন্দ্ৰীয় শিক্ষা বিভাগ ৰ দ্বাৰা গ্ৰহন কৰা নিপন ভাৰত অভিযান ৰ অংশ স্বৰূপে অসম চৰকাৰেও নিপন অসম অভিযান আৰম্ভ কৰাৰ ক্ৰমত ৰহা নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয় ত ১৩ ফেব্ৰুৱাৰী ৰ আৰম্ভ হোবা চাৰিদিনীয়া নিপুন অসম প্ৰশিক্ষণ ৰ আজি সমাপন হয়।চাৰিদিনীয়া প্ৰশিক্ষণ ত ৰহা কপিলী শিক্ষা খন্ডৰ অন্তৰ্গত ২৮ টা মন্ডল সমল কেন্দ্ৰৰ ৫৬ গৰাকী সমল ব্যক্তিয়ে উপস্থিত থাকে।

আজি অনুষ্ঠিত প্ৰশিক্ষণ সমাপন  সমাৰোহ ত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা হস্তলিখিত আলোচনী "সঞ্চাৰিনী শিখা"ৰ উন্মোচন  কৰে কপিলী শিক্ষা বিষয়া সমৰ বৰুৱায়ে কৰাৰ লগতে প্ৰশিক্ষাৰ্থী আৰু শিক্ষক সকলৰ দ্বাৰা বিহু গীত,কবিতা পাঠ আৰু অভিনয় কৰি সমস্ত মুখৰিত কৰি তুলে।

চাৰি দিনীয়া প্ৰশিক্ষণ ত ৰুবুল কুমাৰ দাস, পূৰবী দত্ত, আয়ুব আলি আৰু সঞ্জয় নাথে প্ৰশিক্ষণ প্ৰদান কৰে লগতে প্ৰশিক্ষণ ত বিশেষ পৰ্যবেক্ষক হিচাপে জিলা প্ৰকল্প বিষয়া ৰিষিকেষ বৰকটকী,জিলা পৰামৰ্শ দাতা (ণিপুন অসম)প্ৰশান্তি বৰা আৰু ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ অধ্যক্ষা ড° নিৰলা দেবী উপস্থিত থাকে।