গোলাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ পুঁজি মুকলি-গোলাঘাটত ১২,৪০০ টা গৃহ আৱণ্টন।গৃহ নিৰ্মাণৰ বাবে দিয়া পুঁজিৰ সদব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাজ্যখনৰ ৩.৮ লাখ হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে গোলাঘাটতো ইয়াৰ অধীনত হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হয় । এই উপলক্ষে গোলাঘাটৰ বিৰাংগনা সাধনী কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে । জিলাখনৰ মুঠ ১২,৪০০ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছে । ইয়াৰে ২০৮ গৰাকী হিতাধিকাৰীৰ বাবে আজিৰ অনুষ্ঠানত আৰু পঞ্চায়তসমূহত একে সময়তে আয়োজন কৰা অনুষ্ঠানত ভালেসংখ্যক হিতাধিকাৰীৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হয় । অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই হিতাধিকাৰীসকলক চৰকাৰে গৃহ নিৰ্মাণৰ বাবে দিয়া পুঁজিৰ সদব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ সপোনৰ ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । এই পুঁজি কোনো কাৰণতে অন্য কামত খৰচ নকৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে ৰাজ্যখনৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিলেহে সৰ্বাংগীন উন্নয়ন সম্ভৱ । এই কথাক হৃদয়ংগম কৰি কাম কৰিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । এইক্ষেত্ৰত উন্নয়ন খণ্ড বিষয়াসকলে চোকা দৃষ্টি ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ ওচৰতো হিতাধিকাৰীৰ এখন তালিকা থাকিব । কোনো হিতাধিকাৰীয়ে এই ধনৰ দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । অনুষ্ঠানত ভাষণ দি বিধায়ক বিশ্বজিৎ ফুকনেও কোনো কাৰণতে গৃহ নিৰ্মাণৰ ধনৰ অপব্যৱহাৰ নকৰিবলৈ হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে যিসকল লোকৰ নামত গৃহ আৱন্টন হৈছে অথচ মাটি নাই, তেওঁলোকৰ বাবে সৰুপথাৰত ক্লাষ্টাৰ গঠন কৰি একেটা ঠাইতে গৃহ নিৰ্মাণৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে । প্ৰথম পৰ্যায়ত ১০ টা পৰিয়ালৰ বাবে চৰকাৰী মাটিত এনে ক্লাষ্টাৰৰ ব্যৱস্থা কৰাৰ বাবে চিন্তা কৰা হৈছে বুলি তেওঁ কয় । তেওঁ লগতে ৰেচন কাৰ্ড থকা লোকসকলক আয়ুস্মান ভাৰত কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানৰ আদৰণি ভাষণ তথা উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা পৰিয়ালসমূহক অভিনন্দন জ্ঞাপন কৰি চৰকাৰে আগবঢ়োৱা এই ধনৰাশিৰ উচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াই কয় যে অতি সুখৰ কথা যে ২০১৬-১৭ বৰ্ষৰ পৰা এতিয়ালৈকে জিলাখনত ৫২,০০০ ৰো অধিক গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা হৈছে । অনুমোদিত প্ৰতিটো গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাটো বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান বুলি তেওঁ কয় । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, সমাজ সেৱক নৃপেন বৰুৱা, উন্নয়ন খণ্ড বিষয়াসকল আৰু ভালেসংখ্যক হিতাধিকাৰী উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एंट्री लेवल iPad लॉन्च करने की तैयारी में Apple, अगले साल पेश किए जाने की उम्मीद
एपल अगले साल की शुरुआत में एंट्री-लेवल iPad को अपग्रेड फीचर्स के साथ ला सकता है। कंपनी कथित तौर...
Lok Sabha Election: हिंदू बहुल सीट Kairana पर मुस्लिम उम्मीदवार Iqra Hasan क्या दे पाएंगी चुनौती?
Lok Sabha Election: हिंदू बहुल सीट Kairana पर मुस्लिम उम्मीदवार Iqra Hasan क्या दे पाएंगी चुनौती?
टेलीग्राम प्रमुख पावेल दुरोव की गिरफ्तारी के बाद टेक अधिकारियों की बढ़ी चिंता
टेलीग्राम के सीईओ पावेल दुरोव की गिरफ्तारी के बाद दुनियाभर के टक अधिकारियों की चिंता बढ़ गई हैं।...
ઝઘડિયા વિધાનસભાના ભાજપના ઉમેદવાર રિતેશ વસાવાની ઐતિહાસિક જીત...
ઝઘડિયા વિધાનસભાના ઉમેદવાર રિતેશ વસાવાની ઐતિહાસિક જીત...
उप-चुनाव से पहले BJP के लिए टेंशन बना आनंदपाल एनकाउंटर! राजपूत समाज ने भजनलाल सरकार दी ये चेतावनी
राजस्थान के गैंगस्टर आनंदपाल सिंह एनकाउंटर मामले को लेकर राजपूत समाज में गहरा आक्रोश व्याप्त है....