চৰাইদেউ জিলা দিৱসৰ লগত সংগতি ৰাখি অহা ১৭ আৰু১৮ফেব্ৰুৱাৰী শুক্ৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখনি কৃষক মেলাৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা কৃষি বিভাগ তথা কৃষি ব্যৱস্থাপনা অভিকৰণ (আটমা) ৰ উদ্যোগত আয়োজন কৰা হৈছে এই “কৃষক মেলা"ৰ। উক্ত কৃষক মেলাত জিলাখনৰ কৃষকসকলৰ পথাৰত উৎপাদিত উন্নতমানৰ কৃষি সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে কৃষি যান্ত্ৰিকৰণৰ বিভিন্ন সা-সঁজুলিৰ প্ৰদৰ্শন আৰু বিক্ৰী অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, প্রগতিশীল কৃষকৰ লগত বিভাগীয় কৃষি বিষয়া আৰু বিজ্ঞানীৰ অন্তৰঙ্গ মতবিনিময় এই মেলাৰ অন্য এক আকর্ষণ। তদুপৰি এই কৃষক মেলাত কৃষকৰ উপযোগী অন্যান্য কেতবোৰ কাৰ্যসূচীও অন্তৰ্ভূক্ত কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৰাজ্যৰ ৰাজহ দুর্যোগ ব্যৱস্থাপনা আৰু পার্বত্য উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিবলগীয়া কৃষক মেলা আৰু কৃষি সা-সঁজুলি বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, অভিজিৎ গগৈ, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি। আনহাতে দুপৰীয়া অনুষ্ঠিত হ'ব সমন্বিতভাৱে কীট-পতঙ্গ ও ৰোগ নিয়ন্ত্রণ বিষয়ক সজাগতা অনুষ্ঠানৰ। ইপিনে কৃষক সকলৰ সহায়ক হোৱাকৈ দ্বিতীয় দিনাও কৃষক প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হৈছে এই কৃষক মেলাত। ইয়াৰ পৰিপ্ৰেক্ষিতত সমূহ কাৰ্যসূচীত অংশ গ্রহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে জিলা কৃষি বিভাগৰ তৰফৰপৰা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મેરી કહાની મેરી જુબાની
*વિકસિત ભારત સંકલ્પ યાત્રા : મેરી કહાની મેરી જુબાની*
વર્તમાન સમયમાં પ્રાકૃતિક ખેતી મનુષ્ય...
AAP विधायक अमानतुल्लाह को ED ने गिरफ्तार किया:दिल्ली वक्फ बोर्ड मनी लॉन्ड्रिंग केस में घर पर 4 घंटे की पूछताछ
प्रवर्तन निदेशालय (ED) ने सोमवार को आम आदमी पार्टी के विधायक अमानतुल्लाह खान को अरेस्ट कर लिया...
নুমলীগড়ৰ মৰঙিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ: হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ
নুমলীগড়ৰ মৰঙিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ তী-মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ
নুমলীগড়ৰ মৰঙিৰ...
कोटा परिवहन विभाग के निरीक्षक व मंत्रालय कर्मचारी हड़ताल पर,चूरू में परिवहन निरीक्षक से मारपीट का विरोध
चूरू में परिवहन निरीक्षक से मारपीट के विरोध में हड़ताल
कोटा परिवहन विभाग के निरीक्षक व मंत्रालय...
IND vs NZ 2nd T20: न्यूजीलैंड ने जीता टॉस, पहले बल्लेबाजी करने का किया फैसला
India vs New Zealand 2nd T20: भारत और न्यूजीलैंड के बीच दूसरा टी20 मुकाबला भारत रत्न श्री अटल...