সৰ্বনাশী স্মাৰ্ট মিটাৰকলৈ জ্বলিছে অসম ৷ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ১২ ছেপ্তেম্বৰত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ যৌথ সংগ্ৰামী মঞ্চৰ ৷ মঞ্চই প্ৰতিকৃৰ্তি দাহ কৰে বিফল শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰামী মঞ্চই ৷ "শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা মূৰ্দাবাদ", "অসম চৰকাৰ হায় হায়", "স্মাৰ্ট মিটাৰ বন্ধ কৰক", আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ স্মাৰ্ট মিটাৰ বন্ধ নকৰা পৰ্য্যন্ত সাব্যস্ত কৰিব প্ৰতিবাদ, হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ ৷৷