চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস- ২০২৩ উদযাপন কৰা হ'ব। জিলা প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ৬:০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ পৰা সোণাৰি পুখুৰী হৈ পুনৰ উপায়ুক্ত কাৰ্যালয়লৈ এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে। সোণাৰি পৌৰসভাৰ উদ্যোগত স্থানীয় লাচিত উদ্যানত পুৱা ৮:০০ বজাত চাফাই অভিযান আৰু গছপুলি ৰোপণ কৰা হ'ব। লাচিত উদ্যানতে পুৱা ৯:০০ বজাত মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পুৱা ৯:৩০ বজাত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। দিনৰ ১০:০০ বজাত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৌজন্যত চৰাইপুং প্ৰাথমিক বিদ্যালয় আৰু পাটসাঁকো এলেকাত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ'ব। সোণাৰি আৰু মৰাণ পৌৰসভাৰ অন্তৰ্গত এলেকাত দিনৰ ১১:০০ বজাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল)ৰ অধীনত ৪৯ টা গৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাপেখাতিত চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত দিনৰ ১১:৩০ বজাত বিভাগীয় হিতাধিকাৰী সকলৰ মাজত কৃষি সা-সঁজুলি বিতৰণ কৰাৰ লগতে এখনি কৃষক মেলাৰ শুভ উদ্বোধন কৰা হ'ব। আনহাতে, চৰাইদেউ জিলা লোকনিৰ্মাণ (পথ) বিভাগৰ উদ্যোগত দিনৰ ১২:০০ বজাত থুকুবিল সত্ৰ পথ আৰু বনমালি তিনিআলিৰ পৰা বনমালি বাগিচা পথৰ আধাৰশিলা স্থাপন কৰা হ'ব। জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে দিনৰ ১২:৩০ বজাত বিভাগীয় কাৰ্যালয় প্ৰাঙ্গনত গছপুলি ৰোপণ কৰাৰ লগতে বিভাগীয় সাফল্যৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে, চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা কাৰাগাৰ, জিলা অসামৰিক চিকিৎসালয় আৰু মথুৰাপুৰস্থিত বৃদ্ধাশ্রমত বিয়লি ১:০০ বজাত আবাসীসকলৰ মাজত ফল-মূল আৰু উপহাৰ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে, উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গনত উপায়ুক্ত পল বৰুৱাই বিয়লি ২:০০ বজাত বিনামূলীয়া আহাৰ গ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। জিলা প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আবেলি ৪:০০ বজাত এখনি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে, সন্ধিয়া ৫:০০ বজাত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহতে সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱসৰ সমুহ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে জিলাবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটীত আছুৰ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বাবে বিশাল গন সত্যাগ্ৰহ কাৰ্যসূচী #aasu
গুৱাহাটীত আছুৰ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বাবে বিশাল গন সত্যাগ্ৰহ কাৰ্যসূচী #aasu
लखनऊ-आगरा एक्सप्रेसवे पर भीषण हादसे में 18 लोगों की मौत, पीएम मोदी-राष्ट्रपति मुर्मु ने जताया दुख
उन्नाव में लखनऊ-आगरा एक्सप्रेसवे पर बुधवार तड़के एक भीषण हादसा हो गया। बेहटा मुजावर क्षेत्र के गढ़ा...
Tinsukia flood on 27 Aug 2022
It is not surprising to see the form of floods in Tinsukia city. Because such a scene must have...
টিংখাঙৰ ৰাজগড়ত দোকান পোহাৰ বন্ধ কৰি ব্যৱসায়ীৰ প্ৰতিবাদ।
অসমমালাৰ অধিনত নিৰ্মাণ কৰিবলৈ লোৱা এটা ৰাজ্যিক ঘাইপথক কেন্দ্ৰ কৰি এতিয়া টিংখাঙৰ ব্যৱসায়ী সকলৰ...
સુત્રાપાડા શહેરમા ગણેશ ચતુર્થી નિમિત્તે લોકોએ માટીની મૂર્તિની સ્થાપના કરી
સુત્રાપાડા શહેરમાં ગણેશ ચતુર્થી નિમિત્તે ગણપતિ બાપ્પાની મૂર્તિ ની સ્થાપના કરવામાં આવી હતી મોટી...