চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস- ২০২৩ উদযাপন কৰা হ'ব। জিলা প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ৬:০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ পৰা সোণাৰি পুখুৰী হৈ পুনৰ উপায়ুক্ত কাৰ্যালয়লৈ এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে। সোণাৰি পৌৰসভাৰ উদ্যোগত স্থানীয় লাচিত উদ্যানত পুৱা ৮:০০ বজাত চাফাই অভিযান আৰু গছপুলি ৰোপণ কৰা হ'ব। লাচিত উদ্যানতে পুৱা ৯:০০ বজাত মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পুৱা ৯:৩০ বজাত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। দিনৰ ১০:০০ বজাত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৌজন্যত চৰাইপুং প্ৰাথমিক বিদ্যালয় আৰু পাটসাঁকো এলেকাত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ'ব। সোণাৰি আৰু মৰাণ পৌৰসভাৰ অন্তৰ্গত এলেকাত দিনৰ ১১:০০ বজাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল)ৰ অধীনত ৪৯ টা গৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাপেখাতিত চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত দিনৰ ১১:৩০ বজাত বিভাগীয় হিতাধিকাৰী সকলৰ মাজত কৃষি সা-সঁজুলি বিতৰণ কৰাৰ লগতে এখনি কৃষক মেলাৰ শুভ উদ্বোধন কৰা হ'ব। আনহাতে, চৰাইদেউ জিলা লোকনিৰ্মাণ (পথ) বিভাগৰ উদ্যোগত দিনৰ ১২:০০ বজাত থুকুবিল সত্ৰ পথ আৰু বনমালি তিনিআলিৰ পৰা বনমালি বাগিচা পথৰ আধাৰশিলা স্থাপন কৰা হ'ব। জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে দিনৰ ১২:৩০ বজাত বিভাগীয় কাৰ্যালয় প্ৰাঙ্গনত গছপুলি ৰোপণ কৰাৰ লগতে বিভাগীয় সাফল্যৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে, চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা কাৰাগাৰ, জিলা অসামৰিক চিকিৎসালয় আৰু মথুৰাপুৰস্থিত বৃদ্ধাশ্রমত বিয়লি ১:০০ বজাত আবাসীসকলৰ মাজত ফল-মূল আৰু উপহাৰ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে, উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গনত উপায়ুক্ত পল বৰুৱাই বিয়লি ২:০০ বজাত বিনামূলীয়া আহাৰ গ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। জিলা প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আবেলি ৪:০০ বজাত এখনি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে, সন্ধিয়া ৫:০০ বজাত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহতে সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱসৰ সমুহ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে জিলাবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RLD के Jayant Chaudhary को NDA गठबंधन के मंच पर नहीं मिली जगह, विपक्ष ने उठाए सवाल | Aaj Tak
RLD के Jayant Chaudhary को NDA गठबंधन के मंच पर नहीं मिली जगह, विपक्ष ने उठाए सवाल | Aaj Tak
खेड - रुखी ही बससेवा सुरळीत चालू ठेवावी
दापोली : खेड- रुखी ही बससेवा ही गेले कित्येक वर्षे नियमित सुरु होती. कोरोना काळात सगळ्याच बस...
57 વર્ષની મહિલાનું બ્રેઇનડેડ થતા અંગદાન થકી પાંચને નવજીવન આપ્યું
સુરેન્દ્રનગર જિલ્લાના પાટડી તાલુકાના જરવલા ગામના 57 વર્ષના કંચનબેન લક્ષ્મણભાઇ પટેલનું રોડ...
Nifty-Bank Nifty Trade Setup: आज बाजार खुलते ही Half-Profit Book करना होगा बेहतर? | Anuj Singhal
Nifty-Bank Nifty Trade Setup: आज बाजार खुलते ही Half-Profit Book करना होगा बेहतर? | Anuj Singhal
ડીસાના મુડેઠામાં 700 વર્ષ જૂની પરંપરાગત અશ્વદોડ યોજાઇ
ભાઇ અને બહેન વચ્ચેના પવિત્ર પ્રેમના પર્વ એવા ભાઈ બીજના દિવસે બનાસકાંઠા જિલ્લાના ડીસા તાલુકાના...