ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মৰাণ বিধান সভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিল খলিহামাৰী বুঢ়ীদিহিং নদীৰ ব্যাপক গৰা খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে অৰ্ধশতাধিক গাঁৱলৈ। উল্লেখযোগ্য যে বুঢ়ী দিহিং নদীৰগৰা খহনীয়াই মঠাউৰি স্পৰ্শ কৰিবলৈ মাজত প্ৰায় এশমিটাৰ মানহে বাকীৰোৱাত দাঁতিকষৰীয়া ।ৰাইজ চিন্তিত হৈ পৰিছে।এনে পৰিপ্ৰেক্ষিতত বিভাগীয় কতৃপক্ষৰ লগতে স্থানীয় বিধায়কক শীঘ্ৰে পদক্ষেপ গ্ৰহনৰ আহ্বান জনাইছে টাইপাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গিৰীণ বৰগোঁহাইয়ে।
প্ৰায় অৰ্ধশতাধিক গাঁৱলৈ ভাবুকি কঢ়িয়াই অনা খলিহা মাৰীত বুঢ়ীদিহিং নদীৰ গৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ দাবীখোৱাঙত টাইপাৰ।
