UPSC আৰু APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ। শুক্ৰবাৰে আৰম্ভ হ'ল সোণাৰিৰ ড্ৰীম জ'ন আইএএছ একাডেমিৰ পাঠ্যক্ৰম। সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে সোণাৰিৰ এলিট একাডেমিত আৰম্ভ কৰা হৈছে এই প্ৰশিক্ষণ কেন্দ্ৰ।

সোণাৰিৰ Dream Zone IASয়ে আগবঢ়াইছে পাঁচমহীয়া এটা বিশেষ পাঠ্যক্ৰম। অভিজ্ঞ প্ৰশিক্ষক তথা ইতিমধ্যে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত বিষয়াসকলৰ দ্বাৰা সোণাৰিৰ এলিট একাডেমিত আৰম্ভ কৰা হৈছে এই বিশেষ পাঠ্যক্ৰম। উল্লেখ্য যে, ২০১৮ চনতে প্ৰতিষ্ঠা লাভ কৰা Dream Zone IASত প্ৰশিক্ষণ লাভ কৰা দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে ২০১৮ চনত এপিএছচিত উত্তীৰ্ণ হোৱাৰ লগতে ৩ জনে চলিত বৰ্ষত এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছে।

এলিট একাডেমিৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি বৰগোহাঁই, আটাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত চাংমাই, ড্ৰীম জ'ন আইএএছৰ সঞ্চালক জিণ্টু লাহনৰ তত্বাৱধানত পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰটোৰ পাঠ্যক্ৰমৰ সবিশেষ জানিবলৈ 6901505942 / 7002611946, 9954626548 নম্বৰত যোগাযোগ কৰিব পাৰিব।