নাজিৰাৰ ঐতিহাসিক নগা আলিৰ জৰাজীৰ্ণ অৱস্থাই যমৰ যান্ত্ৰনা ভোগাইছে ৰাইজকনা , নাজিৰা নগৰ সংযোগী ঐতিহাসিক নগা আলিটোয়েদি বৰ্তমান যাতায়াত কৰোতে যাত্ৰী তথা পথচাৰীয়ে অকাল মৰণৰ আশংকা বুকুত বান্ধি যাব লগা হয় । পথটোৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হোৱা দ' দ' গাত সমূহ চৰকাৰী মীনপাম সদৃশ পুখুৰীলৈ উপক্ৰম হৈছে । নাজিৰা নগৰ , দ'ল পুখুৰী , ওপৰ নাজিৰা , সন্দিকৈ গাও , বুদবাৰী সত্ৰ , চানবছা , মাউৎ গাও , শেনৰ আলি , সুন্দৰ পুখুৰী , মেঠনচোৱা , বামুণ পুখুৰী আদিকে ধৰি কুৰিখনৰোধিক ৰাজহ গাৱৰ ছাত্ৰ - ছাত্ৰী , বয়োজ্যেষ্ঠ নাগৰিক তথা ৰাইজে ঐতিহাসিক নগা আলিয়েদি যাতায়াত কৰাত যমৰ যাতনা ভোগ কৰাৰ লগতে নাজিৰা মহাবিদ্যালয়, নাজিৰা পৌৰসভা কাৰ্যালয়, নাজিৰা পশু চিকিৎসালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানলৈ এই পথচোৱাইদি যাতায়ত কৰিব লগা হোৱাত অতি দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে। দীৰ্ঘদিন ধৰি অতি বিধস্ত হৈ থকা এই পথটো সুপৰিকল্পিত ভাৱে পুনৰ নিৰ্মাণৰ দাবীত বিভিন্ন বহু দল - সংগঠনে অৱস্থান ধৰ্মঘট , লোক নিৰ্মাণ বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় ঘেৰাও , স্মাৰক পত্ৰ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো চৰকাৰী বিভাগীয় কৰ্তপক্ষই গান্ধাৰীৰ ভূমিকা পালন কৰি আহিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Inauguration Of the 34th Celebration of Pune Festival
Inauguration Of the 34th Celebration of Pune Festival
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
जवाहर नवोदय विद्यालय कक्षा 6 में प्रवेश के लिए नोटिफिकेशन जारी
जवाहर नवोदय विद्यालय में शैक्षणिक सत्र 2023-24 के लिए कक्षा 6वीं में प्रवेश पाने वाले छात्र...
2024 Lok Sabha Election: 4 June के नतीजों को लेकर Akhilesh Yadav ने क्या कहा सुनिए | Aaj Tak News
2024 Lok Sabha Election: 4 June के नतीजों को लेकर Akhilesh Yadav ने क्या कहा सुनिए | Aaj Tak News