গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ।গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু অন্যান্য সংস্থাৰ সৈতে জিলাখনৰ ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয় । সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ ধান ক্ৰয় কেন্দ্ৰসমূহৰ অৱস্থা আৰু ইয়াৰ মজুতকৰণ ক্ষমতাৰ বুজ লয় আৰু ক্ৰয় প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত ভাৰতীয় খাদ্য নিগমৰ অধীনত অতিৰিক্ত গুদাম স্থাপন, দুমাহৰ বাবে চাউল আগতীয়াকৈ সংগ্ৰহ কৰা, ভাৰতীয় খাদ্য নিগমে সন্মুখীন হোৱা শ্ৰমিকৰ সমস্যা, ধানৰ নমুনাৰ সঠিক পৰীক্ষণ, পৰীক্ষাৰ পিছত প্ৰত্যাখ্যানৰ ভিত্তি সঠিকভাৱে পৰীক্ষা কৰা আদি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বিভাগটোৰ বিষয়াসকলক বিভিন্ন সমবায় সমিতিৰ অধীনৰ গুদামসমূহত কিমান খালী ঠাই আছে এই বিষয়ে পুনৰীক্ষন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আগতীয়াকৈ সংগ্ৰহ কৰা চাউলসমূহ সেই ঠাইত কোনো অসুবিধা নোহোৱাকৈ মজুত কৰিব পৰা যায় । সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, যোগান বিভাগৰ উপ-সঞ্চালক আদিত্য দোলাকাষৰীয়া, যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ, মাণ্ডলিক প্ৰবন্ধক, ক্ৰয় প্ৰবন্ধক, মিলৰ স্বত্বাধিকাৰীসকল, ক্ৰয় কেন্দ্ৰৰ প্ৰবন্ধক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लातूर मनपा आयुक्त बाबासाहेब मनहोरे यांनी लातूरकरांना केले आवाहन.
लातूर मनपा आयुक्त बाबासाहेब मनहोरे यांनी लातूरकरांना केले आवाहन.
Problem Of Plenty Solved | आपको भी होता है कोई Confusion? 'क्या लें और क्या नहीं' को कैसे करें Deal?
Problem Of Plenty Solved | आपको भी होता है कोई Confusion? 'क्या लें और क्या नहीं' को कैसे करें Deal?
ત્રણ વર્ષથી એકસાથે સગીર વય ની ૨(બે) દીકરીઓ ને ભગાડનાર નાસતા ફરતા લીસ્ટેડ આરોપી વિકાસભાઇ ઉર્ફે જીણકો પકડાયો.
તા .૦૮ / ૦૨ / ૨૦૨૦ ના રાત્રીના ફરીયાદીની બે દીકરીઓ સગીર વયની હોવાનું જાણવા છતાં, બદકામ...