যোৱা ১৬ তাৰিখ মঙ্গলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত সাধাৰণ পঞ্জীয়ন নং- ৭৫/২০২১ , ১০৬/২০২১ ,২৬৩/২০২১ গোচৰৰ হাজোতী গেৰজাই বৰুৱা ওৰফে ৰাজু , ১০৬/২০২১ গোচৰৰ  হাজোতী সোনটি দাস আৰু পি আৰ চি ১৯৪/২০২২ গোচৰৰ হাজোতী যতীন তামুলী এই তিনিওজনক আদলতৰ ন্যায়িক জিম্মাত  হাজিৰ কৰিবলৈ বুলি আনি ন্যায়িক আদালতৰ  ভিতৰৰ লকাপত ৰখা সময়তে আদালতৰ নিৰাপত্তা ব্যৱস্থাৰ ফুপোলা স্বৰূপ উদঙাই আদালতৰ লকাপৰ ভিতৰত থকা লেটিনৰ খিৰিকীৰ গীল, গ্লাছ ভাঙি পলাবলৈ সক্ষম হৈছিল ৷ ইয়াৰে বৰদৈবামৰ যতীন তামুলীক বান্তৌ পথাৰৰ মাজৰ পৰা খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন দুজন ক্ৰমে ঢকুৱাখনাৰ গেৰজাই বৰুৱা ( ৰাজু ) আৰু শোন্তি দাস সহ দুজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই অসম আৰক্ষীয়ে। পূৰ্বেও এবাৰ ন্যায়িক জিম্মাৰ পৰা পলায়ন কৰা নৰহত্যাকাৰীটোক অসম আৰক্ষীয়ে কিয় সাধাৰণ কয়দীৰ দৰে গণ্য কৰি আহিছে সেয়াও বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে।

সমগ্ৰ ঢকুৱাখনাৰ বাবে সন্ত্ৰাসৰ আন এটা নাম গেৰজাই। চুৰি, ডকাইতিৰ পৰা আৰম্ভ কৰি বহু অপৰাধজনিত ঘটনাত জড়িত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱাক লৈ মূৰৰ কামুৰণি হৈ পৰিছে অসম আৰক্ষীৰ ৷ ইপিনে লখিমপুৰ জিলা পৰা অহা অসম আৰক্ষী এটা দলে যোৱা মঙ্গলবাৰ দিনাও নিশা পৰ্যন্ত অভিযান চলাইছিল যদিও বৰ্তমান বাতৰি সংগ্ৰহ কৰা মুহূত্বলৈকে দুয়োজন দুৰ্ধৰ্ষ অপৰাধীৰ কোনোধৰণৰ শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷ আজি দিনৰ ভাগতো আৰক্ষী এটা বৃহৎ দল, কামাণ্ড বাহিনী, SDRF বাহিনীৰ সহযোগত বান্তৌ গাৱঁৰ একাংশ ৰাইজ মিলি বান্তৌ পথাৰৰ লগতে দাতিকাষৰীয়া গাওঁ সমূহত অভিযান চলাই আছে ।

উল্লেখ যে আৰক্ষীৰ চকুত ধূলি দি দুৰ্ধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱা , সুন্তি দাসক বিচাৰি নোপোৱা এই ঘটনাই সমগ্ৰ লখিমপুৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ পলাবলৈ সক্ষম হোৱা গেৰেজাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা ঘটনাই সকলোৰে মনত উদয় কৰিছে প্ৰশ্নৰ। ইয়াৰ উপৰিও লখিমপুৰ আৰক্ষীৰ কৰ্তব্যৰ নামত সোপাধিলা স্বৰূপটো উলাই পৰাৰ লগতে উচ্চ আৰক্ষী বিষয়াৰ দায়িত্বৰ প্ৰতি অৱহেলাৰ নে কি ইয়ো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷