ৰহা সাংবাদিক সন্থাৰ কাৰ্যালয় ত আজি দিনৰ ১২ বজাত সদৌ তিবা ছাত্ৰ সন্থাই সাংবাদিক মেল ৰ আয়োজন কৰি অহা ২৫ ফেব্ৰুৱাৰী ৰ পৰা কামৰূপ (ম:)জিলাৰ সোনাপুৰ জালুকবাৰী ত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ তিবা ছাত্ৰ সন্থা ৰ ৩৪তম্ প্ৰতিষ্ঠা দিৱস আৰু সন্থাৰ সাধাৰন অধিবেশন ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হব লগা ৫তম্ তিবা মহোৎসৱ প্ৰস্তুতি বিষয়ে সাংবাদিক সকলক অবগত কৰে।

সদৌ তিবা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিথি আৰু সম্পাদক প্ৰশান্ত মছৰং য়ে সাংবাদিক মেল সম্বোধন কৰি তিনিজিনীয়া তিবা মহোৎসৱ ৰ প্ৰস্তুতি ৰ লগতে অনুষ্ঠিত হব লগা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে অবগত কৰাৰ লগতে মহোৎসৱৰ বাবে ২০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰাৰ লগতে অধিবেশন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰশান্ত সুকীয়াক সভাপতি,হৰি আমচিক সম্পাদক হিচাপেলৈ ৫১ জনীয়া অভ্যৰ্থনা আৰু স্বপন ৰামদে ক সভাপতি,ললিত দলৈ,গোপন দলৈক সম্পাদক হিচাপে লৈ ৩১ জনীয়া মহোৎসৱ সমিতি গঠন কৰা হৈছে।লগতে সংবাদ মেলত মহোৎসৱ ত সকলো ৰাইজৰ উপস্থিতি ৰ কামনা কৰিছে। সংবাদ মেলত সদৌ তিবা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, উপ সভাপতি কন্দৰ্প হোকাই,বিজু পাটৰ সাংগঠনিক সম্পাদক আৰু বিত্ত সম্পাদক বিদ্যা মিথি উপস্থিত থাকে।