গৃহ জিলা গোলাঘাট জিলাৰ খুমটাইত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফিঃ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানত আৰম্ভ হ'ব প্ৰতিযোগিতা।অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত থকা যুৱ ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনা আৰু তেওঁলোকৰ মাজত ক্ৰীড়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত আয়োজন কৰা অষ্টাদশ সংস্কৰণৰ কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি আজি সেনাবাহিনীৰ জয়পুৰ বেটেলিয়নৰ উদ্যোগত বীৰ শ্বহীদগৰাকীৰ গৃহ জিলা গোলাঘাটৰ খুমটাইলৈ অনা হয় । উল্লেখ্য যে শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত এই বিজয় ট্ৰফি লৈ ৰাজ্যৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা হৈছে । এই উপলক্ষে গোলাঘাটৰ খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সেনাবাহিনীৰ উদ্যোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত কেপ্টেইন জিন্টু গগৈৰ পিতৃ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈ আৰু মাতৃ দুলুপ্ৰভা গগৈ, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ মুখ্য অতিথিৰূপে উপস্থিত আছিল । অনুষ্ঠানৰ অংশৰূপে সেনাবাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক নৃত্য আদি পৰিৱেশন কৰা হয় । আজিৰ অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । উল্লেখযোগ্য যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দুলীয়াজানৰ নেহৰু ময়দানত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আৰম্ভ হ'ব । দুলীয়াজানৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড় আৰু ডিগবৈতো প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাত ৮ খন ৰাজ্যৰ ২৪ টা দলে অংশগ্ৰহণ কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोलकाता रेप-मर्डर, TMC सांसद का इस्तीफा, राजनीति से संन्यास:ममता को चिट्ठी लिखी
कोलकाता के आरजी कर मेडिकल कॉलेज में ट्रेनी डॉक्टर से रेप-मर्डर और भ्रष्टाचार मामले के विरोध में...
पीएम विश्वकर्मा योजनाः बूंदी की आठ प्रशिक्षणार्थियों को केन्द्रीय मंत्री मांझी ने किया सम्मानित
बून्दी। पीएम विश्वकर्मा योजना के अंतर्गत राजस्थान इंटरनेशनल सेंटर जेएलएन मार्ग जयपुर में आयोजित...
માઇક લાઉડ સ્પીકર તથા ડીજે સિસ્ટમનો બેફામ ઉપયોગ કરનાર સામુ કડક કાર્યવાહી કરાશે
માઇક, લાઉડ સ્પીકર તથા ડીજે સીસ્ટમનો બેફામ ઉપયોગ કરનાર સામું કડક કાર્યવાહી કરાશે
દાહોદ,...
माजी आमदार हर्षवर्धन जाधव, शेतकऱ्यांना महत्त्वाचा सूचना देताना
कन्नड : माजी आमदार हर्षवर्धन जाधव, शेतकऱ्यांना महत्त्वाचा सूचना देताना