ফৰকাটিং মহাবিদ্যালয়ত জি-২০ৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্রাক কাৰ্যসূচী সম্পন্ন।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

 গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা ভাৰতৰ জি-২০ শীৰ্ষ সন্মিলনৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে । আজি ইয়াৰ অংশৰূপে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত "কৰ্মৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন আৰু ২১ শতিকা" শীৰ্ষক এখন আলোচনাচক্ৰ আৰু কুইজ অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে আনুষ্ঠানিকভাৱে মুকলি কৰা আলোচনাচক্ৰখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অপূৰ্ব শইকীয়াই আদৰণি ভাষণ দিয়ে । মহাবিদ্যালয়খনৰ ডঃ দেৱাশিষ বৰুৱাই আঁত ধৰা আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশ লয় অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অৱ বিজনেছৰ অধ্যাপক আৰু ডীন ডঃ মনবিন্দৰ সিং পাহোৱা আৰু ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ডীন অধ্যাপক সৌমিত্ৰ সেনে । ডঃ মনবিন্দৰ সিং পাহোৱাই নিজৰ প্ৰেজেন্টেচনত "কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় ব্যৱস্থাৰ দ্বাৰা ভৱিষ্যতৰ কৰ্মক্ষেত্ৰ, ভাৰতৰ বাবে আগুৱাই যোৱাৰ পথ" শীৰ্ষক বিষয় লৈ নিজৰ বক্তব্য আগবঢ়ায় । তেওঁ নিজৰ বক্তব্যত কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয় ব্যৱস্থাই কৰ্ম, কৰ্মচাৰী, কৰ্মক্ষেত্ৰ আৰু কামৰ পৰিৱেশত পেলাব পৰা সম্ভাব্য প্ৰভাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ভৱিষ্যত সময়ত ভাৰতৰ দৰে দেশত মানুহ, কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা, প্ৰযুক্তি, কৰ্ম সংস্কৃতিৰ বিকাশ আদিৰ মাজৰ সম্পৰ্ক এটা বিতৰ্কিত বিষয় । তেওঁ কয় যে কামসমূহ স্বয়ংক্ৰিয় কৰাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অতি ব্যয়বহুল আৰু ই উন্নত অৰ্থনৈতিক বিকাশ সুনিশ্চিত নকৰিবও পাৰে । কিয়নো কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা, প্ৰযুক্তি আদিৰ ব্যৱহাৰৰ পূৰ্বে এক বৃহৎ প্ৰত্যাহ্বান হ'ল নিবনুৱা সমস্যাৰ সমাধানসূত্ৰ উলিওৱা আৰু আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ উপযুক্ত পথৰ সন্ধান কৰা । তেওঁ এইক্ষেত্ৰত ব্যক্তিগত খণ্ড, শিক্ষানুষ্ঠান আৰু গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ সৈতে বিকেন্দ্ৰীকৃত শিক্ষা ব্যৱস্থা কাৰ্যকৰী কৰাৰ পোষকতা কৰে । অনুষ্ঠানত অধ্যাপক সৌমিত্ৰ সেনেও কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ আৰু এই দিশত ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰেজেন্টেশ্যন আগবঢ়ায় । কাৰ্যসূচীৰ অংশৰূপে কৰ্মৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন আৰু ২১ শতিকা, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, বহনক্ষমতাক জীৱনৰ এটা পথ হিচাপে গঢ়ি তোলা, শান্তি প্ৰতিষ্ঠা আৰু যুদ্ধৰ পৰিৱৰ্তে আলোচনাৰ পৰিৱেশ গঢ় দিয়া, গণতন্ত্ৰ আৰু প্ৰশাসনত যুৱ প্ৰজন্ম, স্বাস্থ্য, জনকল্যাণ আৰু ক্ৰীড়া আদি বিষয় লৈ এখন আন্তঃমহাবিদ্যালয় কুইজ অনুষ্ঠিত হয় । মুঠ ১৫ টা দলে অংশ লোৱা প্ৰতিযোগিতাত ফৰকাটিং কলেজে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে । আজিৰ অনুষ্ঠানত উপাধ্যক্ষ ডঃ অজন্তা ৰাজখোৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক দুৰ্লভ বৰা আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল ।