নলবাৰী সমষ্টিৰ অন্তৰ্গত পূৰ্নদৈচপৰা গাওঁ নিবাসী সমাজকৰ্মী তথা বিজেপি কাৰ্য্যকৰ্তা ৰমেন লহকৰ(৫২)ৰ বুধবাৰে আবেলি নিজ বাসভৱনত মৃত্যু হয়৷বহুদিনৰ পৰা মাৰাত্মক কৰ্কটৰোগত আক্ৰান্ত লহকৰে বহুতো চিকিৎসা কৰাৰ পিচতো সুফল নেপায় অৱশেষত মৃত্যুক আকোঁৱালি লব লগীয়া হয়৷পূৰ্বতে সাধাৰণ ভাবে ব্যৱসায় কৰিছিল যদিও বিগত মাৰাত্মক কৰ’না কালৰ পৰা ব্যৱসায়ো সম্পূৰ্ণ বন্ধ হৈ পৰে৷ইতিমধ্যে দুৰাৰোগ্য বেমাৰটোৱে ও আক্ৰমণ কৰে লহকৰক৷আজি তেওঁৰ অজস্ৰ গুনমুগ্ধৰ উপস্থিতিত শেষকৃত্য সমাপন কৰে৷তেওঁৰ মৃত্যুত বিজেপি বড়িগোগ বনভাগ মণ্ডল,দেহাৰকুছি বুঠ সমিতি,পূৰ্ণদৈচপৰা বুঠ সমিতি,লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,সেউজ সংঘ,বাহাৰঘাট ব্যৱসায়ী সন্থা,নালন্দা পাব্লিক স্কুল,বাহাৰঘাট,লহকৰপাৰা হাইস্কুল আদি অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ লগতে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিজেপি ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক নিবাৰণ লহকৰ,বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক পঞ্চায়তৰ সদস্য ফণীনাথ লহকৰ আদিকৰি কেইবাজনো বিশিষ্ট লোকে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাই৷মৃত্যুৰ সময়ত তেওঁ পিতৃ মাতৃৰ উপৰিও পত্নী কিশোৰ পুত্ৰ,কণমানি কন্যা সন্তান,দুই ভাতৃ সমন্বিতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इनरव्हील क्लब कोटा नॉर्थ का वृक्षारोपण अभियान
*इनरव्हील क्लब कोटा नॉर्थ का वृक्षारोपण अभियान - आयुर्वेद महाविद्यालय को उपलब्ध करवाये औषधिय...
কোকৰাঝাৰতো মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
কোকৰাঝাৰ আগষ্ট ২৯: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি বি টি আৰ সদৰ কোকৰাঝাৰ জিলাতো নামঘৰ...
Police Commissioner સહીત અધિકારી ઓ એ સ્વચ્છતા અભિયાન હાથ ધર્યું
Police Commissioner સહીત અધિકારી ઓ એ સ્વચ્છતા અભિયાન હાથ ધર્યું
मोबाईल चोरल्याच्या कारणावरून एकाचा खून बनशेळकी रोड येथील घटना दोन तासात आरोपींना पोलिसांनी केली अटक
मोबाईल चोरल्याच्या कारणावरून एकाचा खून बनशेळकी रोड येथील घटना दोन तासात आरोपींना पोलिसांनी केली अटक