গোলাঘাটত অন্তকন্দলত জৰ্জৰিত হৈছে বিজেপি দল। এইবাৰ গোলাঘাটত তুংগত উঠিছে ন-পুৰণি বিজেপি কৰ্মীৰ সংঘাট। গোলাঘাটত অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষেদগাৰ প্ৰদৰ্শন কৰিলে ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাই। গোলাঘাট বিজেপিত চলিছে তীব্ৰ সংঘাট। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষেদগাৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাৰ। গোলাঘাট সমষ্টিত পুৰণি বিজেপি কৰ্মীক এলাগী কৰি অজন্তা নেওগ এণ্ড কোম্পানীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ। গোলাঘাট বিজেপিৰ ভিতৰ চ'ৰাত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা জুই কোৰা শেহতীয়াকৈ প্ৰতিফলন ঘটিল পুৰণি বিজেপি নেতা দেৱজিত বৰাৰ মুখত। ২০১১ চনত বিজেপি দলৰ প্ৰাৰ্থী দেৱজিত বৰাই ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰো প্ৰাৰ্থী হিচাপে অন্যতম দাবীদাৰ আছিল গোলাঘাট সমষ্টিত। কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বিধায়িকা অজন্তা নেওগৰ বাবেই দলীয় সিদ্ধান্ত মানি লৈ নিজৰ চিট এৰি দিছিল অজন্তা নেওগক। সেই সময়তো ন-বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত তুমূল প্ৰতিবাদৰ জোৱাৰ উঠিছিল গোলাঘাট সমষ্টিত। কিন্তু প্ৰবীণ কৰ্মী দেৱজিত বৰাৰ হস্তক্ষেপত শাম কাটিছিল বিদ্ৰোহৰ উক্মুকনি। ২০২১ চনত পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে বিজেপি দলৰ হৈ জয়লাভ কৰি মন্ত্ৰী হোৱাৰ পাছতেই এলাগী হৈ পৰিল পুৰণা নেতা কৰ্মী সকল। সম্প্ৰতি গোলাঘাট সমষ্টিত পুৰণা বিজেপি কৰ্মীক এলাগী কৰি মন্ত্ৰী অজন্তা নেওগে ন-বিজেপি কৰ্মীক সকলোটে উঠি ৰজা বহি ৰজা পাতি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে দেৱজিত বৰাৰ সহিতে বিজেপিৰ পুৰণা কাৰ্যকৰ্তা সকল। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্নকো অভিযোগ কৰিছে দেৱজিত বৰাই। ইফালে বৰাই সংবাদ মাধ্যমৰ আগত কয় যে কোনো কাৰণতেই গোলাঘাটত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাৰ এনে বিদ্ৰোহৰ পাছত দলীয় নেতৃত্ব তথা অজন্তা নেওগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संभवनाथ भगवान का मोक्ष कल्याणक मनाया, करवाड़ मंदिर में हुआ भक्तामर मंडल विधान का आयोजन
करवाड़ में जैन मंदिर में हुआ भक्तामर मंडल विधान कार्यक्रम
इटावा
सकल दिगंबर जैन समाज करवाड...
Abdullahs, Muftis joined hands with Pak ISI to torture Kashmiri Pandits : Chugh
BJP national general secretary Tarun Chugh today blamed the Abdullah and Mufti families for the...
बाबासाहेबांच्या नावासमोर भारतरत्न लावा ; अन्यथा आत्मदहन
बाबासाहेबांच्या नावासमोर भारतरत्न लावा ; अन्यथा आत्मदहन विद्यापीठाच्या प्रवेशद्वारावर , डॉ ....
ડીસામાં દક્ષિણ પોલીસની ટીમે પિસ્તોલ સાથે રાજસ્થાનના બે શખ્સોને ઝડપી પાડ્યા
ડીસામાં દક્ષિણ પોલીસની ટીમે પિસ્તોલ સાથે રાજસ્થાનના બે શખ્સોને ઝડપી પાડ્યા
বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ খেতিয়কৰ মাজত হাহাকাৰ,৪০বিঘা ধান খেতিত চহা পোকৰ উপদ্ৰপত অনিষ্ট
বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ খেতিয়কৰ মাজত হাহাকাৰ,৪০বিঘা ধান খেতিত চহা পোকৰ উপদ্ৰপত অনিষ্ট...