গহপুৰৰ হেলেম মণ্ডলত হৰ ঘৰ ত্ৰিৰংগা ,আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শোভাযাত্ৰা । হেলেম ৰাজহ চক্ৰৰ সমূহ ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে উক্ত শোভাযাত্ৰা উলিওৱা হয়।

স্বাধীনতাৰ ৭৫ তম্ বৰ্ষ উদযাপন উপলক্ষে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে কাৰ্য্যসূচী গ্ৰহন কৰিছে ৷

 ইতিমধ্যে জাতীয় পতাকা বিক্ৰীৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা৷ 

এই উদ্দেশ্যেৰে গহপুৰৰ হেলেম মণ্ডলৰ পাঁচখন পঞ্চায়তক সাঙুৰি এই শোভাযাত্ৰা উলিওৱা হয়।উল্লেখ্য যে এই শোভাযাত্ৰাত অংশ গ্ৰহন কৰে হেলেম ৰাজহ চক্ৰ বিষয়া লুকুমনি বৰাই।