তেজপুৰ চহৰৰ নিকটৱৰ্তী বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে আজি এক গোপন সুত্ৰৰ পমখেদি এখন বলেৰ পিক আপ গাড়ীৰে কঢ়িয়াই নিয়া অৱস্থাত ১২ টা চোৰাং গৰু সহ দুজনক আটক কৰে ৷ অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচিত বৰঘাট আৰক্ষী চকী এলেকাৰ ৰাজ ভড়ালৰ পৰা
নগাও দিশলৈ গৈ থকা অৱস্থাত ভোমোৰাগুৰি দলঙত AS 12 B C 7550 নম্বৰৰ বলেৰ’ পিকাপ ভেন খনৰে কঢ়িয়াই নিয়া ১২ টা চোৰাং গৰু সহ দুজন গৰু সৰবৰাহকাৰী ৰাবুল ইছলাম আৰু আৰৱ আলিক আটক কৰে ৷