সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত নুপুৰ ডান্স একেডেমীৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ প্ৰতিযোগিতা আৰম্ভ ।

চৰাইদেউ জিলাৰ সোণাৰি মহিলা সমিতিৰ প্ৰেক্ষাগৃহত সামাজিক সাংস্কৃতিক তথা বৌদ্ধিক চৰ্চাৰে নূপুৰ ডান্স একাডেমিৰ উদ‍্যোগত শান্তূমণি বৰুৱাৰ প্ৰচেষ্টাতাৰে ছাত্ৰ ছাত্ৰীৰ মাজত সংস্কৃতি পথাৰ খন চহকী কৰাৰ মানসিকতাৰে ১৫ দিনীয়া নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছিল । এই নৃত্য কৰ্মশালাত বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰিছে অসমৰ কেইবাজনো চনামধন‍্য নৃত্য পৰিচালকে ।আজি তাৰেই সামৰণি অনুষ্ঠানৰ শিশু সকলক লৈ নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ । সোণাৰিৰ নুপুৰ ডান্স একেডেমীৰ এইবছৰ দশম বৰ্ষত ভৰি দিছে । এই দশম বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিবা-নৈশ কাৰ্যসূচীৰে এজাক জোনাকীৰ জিলিমিলি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত 

লোক সংগীতৰ সম্ৰাট খগেন গগৈক জীৱন জোৰা সাধনাৰ ২০২২ বৰ্ষৰ শিল্পী বঁটা আৰু অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী নীল আকাশক সংগীত দিৱাকৰ উপাধিৰে সন্মানিত কৰাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ কাৰণে কন্ঠ শিল্পী নীল আকাশে আজিৰ অনুষ্ঠান উপস্থিত থাকিব নোৱাৰিব বুলি ফোন যোগে নুপুৰ ডান্স একাডেমিৰ সঞ্চালক শান্ত্তমণি বৰুৱাক অৱগত কৰে । আৰু সেই অনুষ্ঠানত নৃত্য ৰত্ন , নৃত্য সূৰ্য্য , লোক নৃত্য সম্ৰাট উপাধিৰে বিভূষিত কৰিঅগ্ৰাফাৰ শান্ত্তমণি শৰ্মাৰ পৰিচালনাৰে দেৰগাঁৱৰ চিনাকী সাংস্কৃতিক গোষ্ঠীৰ নৃত্যনুষ্ঠান প্ৰদৰ্শনৰ লগতে বিভিন্ন সংগীত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন আৰু নুপুৰ ডান্স একাডেমিৰ ছাত্ৰ ছাতীৰ নৃত্য প্ৰদৰ্শনৰে এজাক জোনাকীৰ জিলিমিলিৰ সন্ধিয়াৰ আয়োজন হব । আজিৰ দিনৰ ভাগৰ নৃত্য প্ৰতিযোগিতাত বিচাৰক হিচাপে আছে তুতু দত্তকে আদি কৰি আৰু দুজন বিচাৰক মণ্ডলী উপস্থিত থাকে।