*ঢকুৱাখনাত বিশ্ব ব্ৰেইল দিৱস উদযাপন*

সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব ব্ৰেইল দিৱস।ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুইছ ব্ৰেইলীক 

স্মৰণ কৰি সমগ্র বিশ্বই

প্ৰতি বছৰে ৪ জানুৱাৰীৰ দিনটোত পালন কৰে 

বিশ্ব ব্ৰেইল দিৱস।আজি ঢকুৱাখনাতো অসম সমগ্ৰশিক্ষা অভিযান মিছনৰ সৌজন্যত আৰু ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ উদোগত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত দিন জোৰা কাৰ্য্যসূচীৰে বিশ্ব 

ব্ৰেইল দিৱস উদযাপন 

কৰা হয়।পুৱাই শাৰীৰিক ভাৱে বাধা থকা বিশেষভাৱে সক্ষম শিশু সকলৰ মাজত বিভিন্ন ধৰনৰ খেল ধেমালি প্ৰতিযোগীতা অনুষ্ঠিত হয়।ইয়াৰ পিছতেই ঢকুৱাখনা মহকুমা স্বাস্থ্য বিভাগৰ সহযোগত বিশেষভাৱে 

সক্ষম শিশু সকলৰ এক 

স্বাস্থ্য পৰীক্ষা শিবিৰো আয়োজন কৰা হয়।ইফালে দুপৰীয়া ১২ বজাৰ পৰা পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগেন্দ্ৰনাথ হাজৰিকাৰ সঞ্চালনাত অভিভাৱক আৰু শিশু সকলৰ মাজত সজাগতা মুকলি সভা অনুষ্ঠিত হয়।

এই সভাৰ উদ্ধোধন কৰে ঢকুৱাখনাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে।

বহুসংখ্যক বিশেষভাৱে সক্ষম শিশুৱৰ লগতে তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থকা সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি ধেনুখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মীনকান্ত 

শইকীয়াই বিশ্ব ব্ৰেইল দিৱসৰ তাৎপৰ্য আৰু বিশেষ ভাৱে সক্ষম শিশুসকলৰ আদৰ-

যত্নৰ বিষয়ে মূল্যৱান পৰামৰ্শ আগবঢ়াই।লগতে শইকীয়াই অভিভাৱক সকল সজাগ হ'বৰ বাবে বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণৰ হেতু ২১ প্ৰকাৰৰ যি লক্ষণ আছে,তাৰ বিষয়েও বিবৰি কয়।মুখ্য অতিথিৰূপে কবি,লেখিকা ইন্দিৰা গগৈয়ে বিশেষভাৱে সক্ষম শিশুসকলক অৱহেলা নকৰি অন্য শিশুৰ সমানেই অভিভাৱক,শিক্ষকে গুৰুত্ব দিলেয়ে সকলো শিশু একো একোটা দিশত মানৱ সম্পদ হ'ব পাৰিব বুলি মন্তব্য কৰে।

ইফালে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে প্ৰেছগীল্ড,ঢকুৱাখনাৰ সম্পাদক ৰাজীৱ বৰুৱা, প্ৰতিদিন টাইম'ৰ ঢকুৱাখনাৰ সংবাদদাতা প্ৰতাপ দত্ত, শিক্ষক মুকুল গগৈ,পদ্মৱতী কোঁচ,সমল ব্যক্তি দিগন্ত গগৈ,মুন চন্দ্ৰ শৰ্মা,অখিল কলিতা,সৌৰভ জ্যোতি পাচনি,আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি 

নিৰঞ্জন পেগুকে আদি 

কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে।