চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ দিশলৈ গৈথকা AS31C 1190 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী সকলে জানিবলে দিয়া অনুসৰি পুৱতি নিশা প্ৰায় ২- ১৫ মিঃত সংঘটিত হোৱা এই দুৰ্ঘটনাত চালক আৰু পৰিচালক সামান্য আঘাট পাই কথমপি ৰক্ষা পৰে যদিও বহুকেইখন দোকানৰ ক্ষতি সাধন হয়। ক্ষয়-ক্ষতিৰ পৰিমান প্ৰায় সাত লাখ মানৰ টকা হব বুলি ব্যৱসায়ী সকলে জানিবলৈ দিয়ে । মৰাণহাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ব্যৱস্থা গ্ৰহন কৰা বুলি জানিব পৰা গৈছে।