ব্ৰিটিছৰ আমোলত ১৮৭২চনত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় দেৰশবছৰীয়া জয়ন্তী আৰম্ভ।।ঢকুৱাখনা শিক্ষা সংস্কৃতিৰ ঘাই ঘৰ স্বৰূপ ব্ৰিটিছৰ আমোলত ১৮৭২ চনতে স্থাপিত ঢকুৱাখনাৰ মজলীয়া বিদ্যালয়ৰ গৌৰৱময় দেৰশবছৰীয়া জয়ন্তী অনুষ্ঠানৰ লাই খুটা পুতি শুভাৰম্ভ কৰা হয়।
স্বনামধন্য সাহিত্যক ,সাংবাদিক প্রজ্ঞাধীমান হোমেন বৰগোহাঞি, ডঃ চন্দ্ৰধৰ চমুৱাকে ধৰি অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰা বহু বিশিষ্ট ব্যক্তিৰ জীৱনৰ পঢ়াশালি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় দেৰশবছৰীয়া জয়ন্তী মূল অনুষ্ঠান ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হব।
আজি বিদ্যালয় শিক্ষক শিক্ষয়তী প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ দ্বাৰা ডেৰশখন পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ লাই খুটা স্থাপন কৰা হয়।
লাই খুটা স্থাপন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ঢকুৱাখনা বিধায়ক নৱ কুমাৰ দলে।।