ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা আৰম্ভ

সোৱণশিৰী কলেজত বৰ্ণাঢ্য উদ্ধোধনী অনুষ্ঠান

লখিমপুৰ জিলাৰ সোৱণশিৰী মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়বোৰৰ মাজত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা।

সোৱণশিৰী মহাবিদ্যালয়ৰ খেলপথাৰত লৰ-ছোৱালীৰ দুটা শাখাত আয়োজিত এই ভলীবল প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৪০ খনৰো অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজক সমিতিৰ সভাপতি,সম্পাদকে

জনাইছে।

আজি এই আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাখনিৰ শুভ উদ্ধোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভূঞাই।