ৰহা মহাবিদ্যালয় জোঙালবলহু কক্ষ ত আজি ৰহা মহাবিদ্যালয় অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা মনিকা দাসক অৱসৰৰ প্ৰাক মূহুৰ্তত গীত মাত কথাৰে সম্বৰ্ধনা জনোৱা হয়।
ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা ৰ সভাপতিত্বত, অধ্যাপিকা মনালিছা ভাৰতীৰ উদ্দেশ্য ব্যাখ্যা আৰু অধ্যাপিকা Trishna হাজৰিকা ৰ আদৰণি ভাষনেৰে আৰম্ভ হোবা সম্বৰ্ধনা অনুষ্ঠান ৰ ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰাৰ বন্তি প্ৰজ্বলন আৰু ছাত্ৰ ছাত্ৰী সকলৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হোবা সম্বৰ্ধনা অনুষ্ঠানত উপধ্যক্ষা মনিকা দাস ক অৱসৰৰ প্ৰাক মূহুৰ্তত ৰহা মহাবিদ্যালয় অসমীয়া বিভাগ,ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোট,ৰহা আঞ্চলিক ছাত্ৰ সন্থা সহ ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন আৰু কৰ্মৰত অধ্যাপক অধ্যাপিকা, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে এখন এখন ফুলাম গামোচা,চেলেং,জাপি,গ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ লগতে মনিকা দাস ৰ অৱসৰৰ প্ৰাক মূহুৰ্তত ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ যুটিয়া সম্পাদক দীপক নাথ আৰু অৰুপ নাথৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থ মনিকা দাস সুবাসিত সাধনা উন্মোচন কৰে ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই।
ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা, প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,প্ৰাক্তন অধ্যাপিকা ড° ৰাজশ্ৰী বৰা, মালবিকা দাস,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ,ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সম্পাদক মৃদুল হাজকিকা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ ৰহা মহাবিদ্যালয় ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।