পূব ঢকুৱাখনাত TMPK,MMK আৰু TMMK ৰ ঢকুৱাখনা জিলা সমিতিৰ ত্ৰি বাৰ্ষিক অধিৱেশন সফল সামৰণি।

দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ২৪ আৰু ২৫ ডিচেম্বৰ তাৰিখে পূব ঢকুৱাখনাত আয়োজন কৰা হৈছে TMPK,MMK আৰু TMMK ৰ ঢকুৱাখনা জিলা সমিতিৰ ষষ্ঠদশ,দ্বাদশ আৰু ক্ৰয়োদশ ত্ৰি বাৰ্ষিক অধিৱেশনখনি।

এই উপলক্ষে ভোমা জাৰণিৰ কৰ্মবীৰ বিমলাকান্ত লত্তাত এতিয়া উদুলি মুদুলি পৰিৱেশ।

সমাহাৰ ঘটিছে ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ হাজাৰ হাজাৰ লোক।

 দ্বিতীয় দিনা বৃক্ষ ৰোপণ, স্মৃতি তৰ্পন, পতাকা উত্তোলন কৰা হয়।

ইয়াৰ পিছতে যুৱ সমাৰোহ, এথলেটিক খেলুৱৈক বঁটা প্ৰদান কৰাৰ পিছতে সমবেত সংগীতেৰে মুকলি সভা অনুষ্ঠিত কৰা হয়।

মুকলি সভাখনি উদ্ধোধন কৰে MMK ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু‌ৱে।

এই মুকলি সভাত TMPK ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাংৰ লগতে বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।