চৰাইদেউৰ লাকুৱাৰ ৰজাবাৰী চাহবাগিছাৰ নলাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । মৃতদেহটো কেন্দুগুৰিৰ বাইলুং গাঁৱৰ মহিলা নিতুমণি লুখুৰাখনৰ বুলি জানিব পৰা গৈছে।বৰ্তমানেও অপহৃত হৈ আছে নিতুমণি লুখুৰাখনৰ দহমহীয়া এটি কেঁচুৱা।

বৰ্তমান আৰক্ষী তদন্ত অব্যাহত আছে,

এই হত্যা কাণ্ডক কেন্দ্ৰ কৰি শিমলুগুৰি আৰক্ষীৰ থানাত উত্তেজনাময় পৰিৱেশে বিৰাজমান , উত্তেজিত কেন্দুগুৰি বাইলুং গাঁৱৰ স্থানীয় ৰাইজে উচিত ন্যায় বিচাৰিছে শিমলুগুৰি আৰক্ষী চকীত ।

সোমবাৰ পৰা দহমহীয়া কেঁচুৱাসহ নিৰুদ্দেশ হৈ আছিল নিতুমণি লুখুৰাখন। নিতুমণি লুখুৰাখনক ডিঙি চেপি হত্যা কৰি থৈ যোৱাৰ সন্দেহ কৰাৰ লগতে টেঙাপুখুৰীৰ এগৰাকী মহিলা এই সমগ্ৰ ঘটনাৰ লগত জড়িত বুলি সন্দেহ শিমলুগুৰি কেন্দুগুৰি বাইলুং গাঁৱৰ স্থানীয় ৰাইজৰ।

আশ্চৰ্য্য বিষয় যে নিতুমণি লুখুৰাখনৰ দহমহীয়া কেঁচুৱাটি বৰ্তমানেও নিৰুদ্দেশ।