কেবল ৰাজপথৰ বিপ্লৱ নহয় এইবাৰ সেউজ বিপ্লৱত ব্যস্ত আছু নেতা পবিত্ৰ কলিতা বানে গৰকা গাইনৈৰ পাৰত কৃষকৰ হালধীয়া সপোন চিচিবৰগাওঁৰ ধূনাগুৰি পথাৰত শ শ বিঘা হালধীয়া দলিচা । চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত আমগুৰি গাওঁ পঞ্চায়তৰ ধূনাগুৰি কলিতা গাওঁৰ পথাৰে পথাৰে এতিয়া সৰিয়হ ফুলৰ দৃষ্টিনন্দন দৃশ্য । যেনিয়েই চকু যায় তেনিয়েই কেৱল হালধীয়া আৰু হালধীয়া। শৰৎৰ কফুৱা সুব্ৰতাই মেলাগি মাগিলে। বন্যাক্ৰান্ত চিলাপথাৰৰ পথাৰত এতিয়া হালধীয়াৰ মেলা। চাৰিওফালে কেৱল হালধীয়া ৰঙৰ সমাৱেশ। সৰিয়হ ফুলি হালধীয়া হৈছে কৃষকৰ পথাৰ। কৃষকৰ মনত ফুলিছে সোণোৱালী সপোন। বাৰিষাৰ বানে সোণ গুটিৰ সপোন ৰচিবলৈ সুযোগ নিদিলেও সতাশ হোৱা নাই চিলাপথাৰৰ কৃষক। সৰিয়হৰ হালধীয়া ফুলৰ মাজতেই বিলীন হৈ সপোন দেখিছে চহা কৃষকে। চিচিবৰগাওঁ আমগুৰি পঞ্চায়তৰ ধূনাগুৰি কলিতা গাওঁৰ পথাৰত এতিয়া আছুকৰ্মীৰ সেউজ বিপ্লৱৰ সূচনা। কেবল ৰাজপথৰ বিপ্লৱ নহয়। এইবাৰ সেউজ বিপ্লৱত ব্যস্ত আছুকৰ্মী। ধেমাজি জিলা ছাত্ৰ সন্থাৰ অধীনত থকা চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পবিত্ৰ কলিতাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে গধূৰ দায়িত্ব পালন কৰাৰ লগতে কৃষি কাৰ্যত জৰিত হৈ স্বাবলম্বী হোৱাৰ সপোন দেখিছে। ধূনাগুৰি কলিতা গাওঁৰ গাইনৈ সূঁতিৰ বালিচৰত ৩০ বিঘা মাটিত সৰিয়হ ৰ খেতি কৰিছে ছাত্ৰ নেতাজনে। এনেদৰে ধূনাগুৰি কলিতা গাঁৱ আৰু কৈৱৰ্ত গাঁৱত আমগুৰি শাখা ছাত্ৰ সন্থাৰ আন দহজন সদস্যই কৰিছে শতাধিক বিঘাৰ সৰিয়হ খেতি। যিটো সময়ত যুৱচামৰ মাজত কৃষিকৰ্ম বিভূষতাই সমাজত অন্তৰতাই উত্তৰণত শৈক্ষতাই উঠিছে তেনে সময়তে চিচিবৰগাওঁ ধূনাগুৰি পথাৰত গাইনৈৰ বালিচৰত আছুকৰ্মীয়ে কৃষি কৰ্মৰ জড়িয়তে আদৰ্শৰ ৰূপে অৱতীৰ্ণ হৈছে । পুৱাৰ পৰাই সন্ধিয়া লৈকে ব্যস্ত থাকে পথাৰৰ কামথ। কৰ্মই ধৰ্ম জ্ঞান কৰা কেঁচা মাটিৰ গোন্ধয় বলিয়া হৈ কপালৰ ঘাম মাটিত পেলাই ধূনাগুৰি কলিতা গাওঁৰ সুবিশাল পথাৰ জীপাল কৰি তুলিছে। কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে গাঁঠিৰ ধন ভাঙি কৰ্মত আত্ম নিয়োগ কৰি সুফল পাইছে। আছু মানেই চান্দা সংগ্ৰহ কৰা যুৱকৰ দল নহয়। কপালৰ ঘাম মাটিত পেলাই পেটৰ ভাত মোকলোৱা স্বাভিমানী যুৱকৰ দল। আন্দোলনৰ নামত "পথাৰ আমাৰ বজাৰ আমাৰ" বুলি শ্লগান দিয়াতে ক্ষান্ত নাথাকি এনেদৰে কঠোৰ পৰিশ্ৰমৰে কৃষি ভূমিত আত্মনিয়োগৰে সৰিয়হৰ খেতিয়ে নান্দনিক কৰি তুলিছে পৰিৱেশ। প্ৰকৃত খেতিয়কৰ পৰিৱৰ্তে কৃষি কাৰ্যৰ সৈতে সম্পৰ্ক নথকা বহু লোকেহে চৰকাৰী কৃষি সাহাৰ্য্য লাভ কৰাৰ অভিযোগ তুলিছে বহু কৃষকে। আমগুৰি হৈ বঙালমাৰীৰে ধেমাজি যোৱা পথৰ বিশাল খেতিপথাৰৰ চতৰ্থদিশে হালধীয়া আৱৰি মোহচিন্ন কৰিছে পথচাৰিৰ লগতে ৰাইজক। আছুকৰ্মীৰ সেই অত্যব্যৱহায় উঠি অহা নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ।