ওদালগুৰিত সমুহীয়া বিবাহ।একেলগে তিনিশ যোৰা দৰা- কইনাই লব জীৱন সংগীৰ পন।

ওদালগুৰিত সীমান্ত চেতনা মঞ্চ বিশেষ পদক্ষেপ। ওদালগুৰিৰ মনপুৰত সমুহীয়া বিবাহৰ আয়েজন।একেলহে তিনিশ যোৰা দৰা - কইনাই আবদ্ধ হব বিবাহ পাশত। প্ৰতিটো জনগোষ্ঠীৰ নিজা পৰম্পৰাৰে অনুষ্ঠিত হব বিবাহ অনুষ্ঠানটি। মনপুৰৰ মিনি ষ্টেডিয়ামত বৃহস্পতি বাৰে

সীমান্ত চেতনা মঞ্চ আৰু ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ যৌথ উদ্যোগত আৰু হন্স ফাউন্ডেশ্যনৰ সহযোগত সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠানৰ আয়োজন কৰে। মনপুৰ মিনি ষ্টেডিয়ামত আজি সীমান্ত চেতনা মঞ্চৰ অসম পুৰ্বোত্তৰৰ উপ-সভাপতি মিনন মোচাহাৰীয়ে বিবাহ অনুষ্ঠানৰ বিষয়ে সদৰি কৰি আৰ্থিকভাৱে দুৰ্বল প্ৰায় তিনিশ দম্পত্তীক লৈ এনেদৰে সামাজিক বিবাহ কৰাৰ সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। উক্ত অনুষ্ঠানত প্ৰতিযোৰা দৰা-কইনাৰে সম্পুৰ্ণ বিনামুলীয়াকৈ বিবাহ কাৰ্য্য সমাপন কৰাৰ লগতে দৰা-কইনাৰ কাপোৰ, বাচন-বৰ্তন আদি উপহাৰ হিচাপে আগবঢ়োৱা হব বুলি সাংবাদিকৰ ওচৰত সদৰি কৰে। সমুহীয়া এই বিবাহ অনুষ্ঠানকলৈ প্ৰস্তুতি সম্পুৰ্ণ হৈ উঠিছে।