পাঠ্যক্ৰমৰ মাধ্যম সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি ঈশান নিউজৰ আগত এই মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ লগতে বিজেপি কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সাংগঠনিক সভাখন। আনহাতে কংগ্ৰেছী বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক এতিয়াই বিজেপি দলত যোগদান কৰিবলৈ দিয়া নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।