ঢকুৱাখনাৰ মৰনৈ চাপৰিত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিক্ষিত যুৱক কুশল ভৰালী।
যিসময়ত হাজাৰ হাজাৰ শিক্ষিত যুৱকে কৰ্ম সংস্থাপনৰ অভাৱত কৰ্মসূত্ৰে বহি ৰাজ্য লৈ ঢাপলি মেলিছে তেনে সময়তে ঢকুৱাখনাৰ মহকুমাৰ মৰনৈ চাপৰি গাঁৱৰ এজন অসমীয়াৰ শিক্ষিত যুৱকে বিশুদ্ধ খাটি শৰীয়হ তেলৰ উৎপাদনৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী তাৰ প্ৰয়াস কৰিছে।
মৰনৈ চাপৰি গাঁৱৰ বাসিন্দা দিগন্ত ভৰালীৰ সুযোগ্য সন্তান কুশল ভঁৰালীয়ে নিজ গৃহতে খাটি সৰিয়হ তেল ''আয়ুষ্মান '' নামাৰে মতুনকৈ এটা ফেক্টৰী দুমাহ মানৰ আগতে নিজ গৃহতে স্থাপন কৰিছে।আপুনি এতিয়া ৰে পৰা ঢকুৱাখনা মৰনৈ চাপৰিত (বাসুদেৱ থান)যিকোনো সময়তে ,যিকোনো মুহূৰ্ততে আপুনি কম মূল্যতে ক্ৰয় কৰিব পাৰিব খাটি সৰিয়হ তেল।বেমাৰৰ পৰা মুক্ত, ঔষধী সম্পন্ন সম্পূৰ্ণ ৰাসায়নিক দ্ৰৱ্য মিশ্ৰনৰ অবিহনে প্ৰস্তুত কৰা এই সৰিয়হ তেল সংগ্ৰহ কৰিবলৈ আপুনি যোগাযোগ কৰিব পাৰিব এই নম্বৰটোত 9101027285