সোণাৰিত বিশুদ্ধ খোৱা পানীৰ নামত নলাৰ পানী সংগ্ৰহ কৰি জীৱন যাপন। 

চৰকাৰে বিশুদ্ধ খোৱা পানীৰ নামত বিভিন্ন আঁচনি মুকলি কৰিছে। কিন্তু সেই আঁচনী সমূহৰ লাভালাভৰ পৰা বঞ্চিত সোণাৰি সমষ্টিৰ বিভিন্ন অঞ্চল। চৰাইদেউ জিলাৰ সোণাৰিৰ ৪ নং গুৱালাপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত গুৱালাপথাৰ পানী যোগান আঁচনিটো পুতৌ লগা অৱস্থিত। অস্বাস্থ্যকৰ পৰিবেশত পানী যোগান আঁচনিটো এনে অৱস্থাৰ বাবে ঠিকাদাৰৰ প্ৰতি ক্ষোভ অঞ্চলবাসীৰ। প্ৰায় ছয় মাহ পূৰ্বে অঞ্চলটোত প্ৰতিঘৰতে 'জল জীৱন মিছন' আঁচনীৰ কেৱল পাইপ সংযোগ কৰি দ্বিতীয় সামৰিলে বিভাগীয় কৰ্তৃপক্ষই। মন কৰিবলগীয়া যে সোণাৰিৰ কিছু অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান বন্ধ হৈ থকাত হাহাকাৰ অৱস্থা হৈছে ৰাইজৰ ।

সেয়ে পুখুৰী,কোঁৱা, নলাৰ মাজেদি যোৱা পাইপৰ ফুটাই পাইপেৰে পানী উলিয়াই তৃষ্ণা নিবাৰণ কৰিছে অঞ্চলটোৰ ৰাইজে।