ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত প্ৰতিদিনে চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি পাইছে। যোৱা নিশাও ঢকুৱাখনা নগৰৰ সদৰ থানাৰ পৰা প্ৰায় দুশ মিটাৰ দুৰত্বত থকা "বাসুদেৱ টেডিং" নামৰ হলচেলাৰ দোকানত চুৰে প্ৰবেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে। ঢকুৱাখনা বিজেপি কাৰ্যালয়ৰ নিচেই কাষতে থকা দিপু গগৈৰ হলচেল দোকানৰ চাটাৰ ভাঙি দোকান খনত সোমাই লুটপাত চলাই । খবৰ অনুসৰি দোকানখনৰ পৰা চোৰে প্ৰায় ৭০ হাজাৰ টকা বস্তু লৈ যায় । ইপিনে বিগত দুটা মাহ ধৰি ধাৰাবাহিক ভাবে নাগৰিকৰ ঘৰত আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত নিত্য নতুন কৌশলেৰে সংঘটিত কৰা চুৰি কাৰ্যই অতিষ্ঠ কৰি তুলিছে নাগৰিকৰ জীৱন যাত্ৰা । এই ক্ষেত্ৰত বিফল ঢকুৱাখনা সদৰ আৰক্ষী প্ৰশাসন । ঘটনা সন্দৰ্ভত দোকানৰ গৰাকীয়ে ঢকুৱাখনা সদৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই । ঢকুৱাখনা নগৰ এলেকাত নিশাৰ ভাগত পহৰাৰত অৱস্থাত ঢকুৱাখনা আৰক্ষী সততে দেখিবলৈ পোৱা যায় যদিওঁ তাৰ কাষতে চুৰে কিদৰে দোকানৰ চাটাৰ কাটি চুৰি কাৰ্য সংঘটিত কৰিলে সেয়া আশ্বয্যজনক কথা। উল্লেখযোগ্য কথা এয়ে যে বিগত দিন সমূহত ঢকুৱাখনা নগৰৰ আশে পাশে প্ৰায়ে দোকান সমূহত চুৰি কাৰ্য সংঘটিত হৈছে যদিওঁ আজি পৰ্যন্ত ঢকুৱাখনা আৰক্ষীয়ে প্ৰকৃত এজনো চোৰৰ সম্ভেদ উলিয়াব পৰা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডনেটস্কৰ সমীপৰ ইউক্ৰেইনৰ চহৰত ৰাছিয়াৰ আক্ৰমণত ১৩ জন আহত হয়
শুকুৰবাৰে পুৱা অঞ্চলটোৰ এজন বিষয়াৰ উদ্ধৃতিৰে জনোৱা মতে, ইউক্ৰেইনৰ পূব ফ্ৰণ্টৰ ওচৰৰ ডনেস্কৰ...
પાલનપુરની જિલ્લા જેલમાં પરિવર્તન ગ્રુપ દ્વારા સતત સાત વર્ષથી યોગ શિબિરનું આયોજન કરાય છે..
કેદીઓના જીવનમાં પરિવર્તન લાવવાના ઉદ્દેશ્યથી પાલનપુરની જિલ્લા જેલમાં પરિવર્તન ગ્રુપ દ્વારા સતત સાત...
प्रहलाद गुंजल VS ओम बिरला || राय जनता की || ग्राउंड रिपोर्ट || मतदान केंद्र से || #kota #chunav
प्रहलाद गुंजल VS ओम बिरला || राय जनता की || ग्राउंड रिपोर्ट || मतदान केंद्र से || #kota #chunav
ઘોઘા ગ્રામ પંચાયત કચેરી ખાતે ઈ-શ્રમ કાર્ડ કેમ્પ યોજાયો
ઘોઘા ગ્રામ પંચાયત કચેરી ખાતે ઈ-શ્રમ કાર્ડ કેમ્પ યોજાયો