সচেতন যুৱ উন্নয়ণ মঞ্চৰ লখিমপুৰ জিলা সমিতিখন আজি সম্প্ৰসাৰণ কৰি গঠন কৰা হয় ৰাজ্যিক কেন্দ্ৰীয় সমিতি ৷ অসম দিৱসৰ লগত সংগতি ৰাখি মঞ্চৰ লখিমপুৰ জিলা সমিতি খনে শিমলুগুৰি প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাতে গঠন কৰা হয় ৰাজ্যিক সমিতি খন ৷ সভাৰ অন্তত শিমলুগুৰি প্ৰেছ ক্লাবত কেন্দ্ৰীয় সমিতিখনে সংবাদমেলৰ জৰিয়তে অৱগত কৰে ৪১ জনীয়া পূৰ্নাংগ সমিতি খন ৷ লগতে চৰকাৰলৈ আঠটো দাবী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৪১ জনীয়া কেন্দ্ৰীয় সমিতিখন হ’ল উপদেষ্টা কোষেশ্বৰ গগৈ, ফুলেশ্বৰ গগৈ , থুনবান কোঁৱৰ আৰু হেমচন্দ্ৰ বৰুৱা , সভাপতি লিখন বৰুৱা , উপ-সভাপতি বিশ্বজিৎ শইকীয়া , সম্পাদক পৰমানন্দ গগৈ , সহ-সম্পাদক মনোজ দুৱৰা আৰু প্ৰশান্ত গগৈ , প্ৰচাৰ সম্পাদক অৰবিন্দ বূঢ়াগোঁহাই আৰু কমল ফুকন , সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ শইকীয়া , তোলন শইকীয়া , নিতুল গগৈ , কাৰ্যকৰি সদস্য কোষ গগৈ , ভূপেন গগৈ , মিলন দুৱৰা আৰু প্ৰফুল্ল গগৈ ৷ সমিতিখনে প্ৰথম কাৰ্যসুচী অনুসৰি ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰৰ জৰিয়তে প্ৰদান কৰিব লগা দাবী সমুহ ক্ৰমে নিবনুৱাৰ বাবে স্বনিয়োজন আচঁনি প্ৰস্তুত আৰু উৎপাদনশীল ব্যৱস্থাৰে প্ৰতিগৰাকী নিবনুৱালৈ ৫ লাখ টকাৰ সাহাৰ্য , ৰাজ্যত সুৰাৰ প্ৰচলন বন্ধ কৰা , পঞ্চায়তী আইন সঠিক ৰুপত প্ৰৱৰ্তন কৰা , গাঁৱে গাঁৱে পঞ্চায়তী আদালত স্থাপন কৰা , নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প বন্ধ কৰা , জাতিধ্বংসী কা আইন বাতিল কৰা , খিলঞ্জীয়া লোকৰ বাবে ভুমি সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু বছৰি প্ৰতিটো সময়তে কৃষি কৰিবৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা ৷ লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰদান কৰিব লগীয়া দাবীসমুহ শীঘ্ৰে পুৰন নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Election 2024 First Phase Voting: पहले चरण की वोटिंग, PM Modi ने की मतदाताओं से की अपील
Election 2024 First Phase Voting: पहले चरण की वोटिंग, PM Modi ने की मतदाताओं से की अपील
নৈৰ গৰা।খহনীয়াৰ ফলত যাপ-বাহনৰ বাবে বন্ধ হ'ল ডিমৌ ভেকেলাই পথ ।
শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌ ভেকেলাই পথ টি নৈৰ।গড়া খহনীয়াৰ ফলত যান-বাহনৰ বাবে বন্ধ...
બોડકદેવના PSI સહીત 3 કોન્સ્ટેબલોએ માંગી 6 લાખની લાંચ
બોડકદેવના PSI સહીત 3 કોન્સ્ટેબલોએ માંગી 6 લાખની લાંચ
યુવકે 4પોલીસ કર્મચારીઓ...
અમીરગઢમાં હોમિયોપેથીક ડિગ્રી ઉપર એલોપેથીક દવા આપતાં તબીબને પોલીસે ઝડપ્યો
અમીરગઢમાં હોમિયોપેથીક ડિગ્રી ઉપર એલોપેથીક દવાઓ આપી પ્રજાના આરોગ્ય સાથે ચેડા કરતાં તબીબને એસઓજીની...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks