সচেতন যুৱ উন্নয়ণ মঞ্চৰ লখিমপুৰ জিলা সমিতিখন আজি সম্প্ৰসাৰণ কৰি গঠন কৰা হয় ৰাজ্যিক কেন্দ্ৰীয় সমিতি ৷ অসম দিৱসৰ লগত সংগতি ৰাখি মঞ্চৰ লখিমপুৰ জিলা সমিতি খনে শিমলুগুৰি প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাতে গঠন কৰা হয় ৰাজ্যিক সমিতি খন ৷ সভাৰ অন্তত শিমলুগুৰি প্ৰেছ ক্লাবত কেন্দ্ৰীয় সমিতিখনে সংবাদমেলৰ জৰিয়তে অৱগত কৰে ৪১ জনীয়া পূৰ্নাংগ সমিতি খন ৷ লগতে চৰকাৰলৈ আঠটো দাবী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৪১ জনীয়া কেন্দ্ৰীয় সমিতিখন হ’ল উপদেষ্টা কোষেশ্বৰ গগৈ, ফুলেশ্বৰ গগৈ , থুনবান কোঁৱৰ আৰু হেমচন্দ্ৰ বৰুৱা , সভাপতি লিখন বৰুৱা , উপ-সভাপতি বিশ্বজিৎ শইকীয়া , সম্পাদক পৰমানন্দ গগৈ , সহ-সম্পাদক মনোজ দুৱৰা আৰু প্ৰশান্ত গগৈ , প্ৰচাৰ সম্পাদক অৰবিন্দ বূঢ়াগোঁহাই আৰু কমল ফুকন , সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ শইকীয়া , তোলন শইকীয়া , নিতুল গগৈ , কাৰ্যকৰি সদস্য কোষ গগৈ , ভূপেন গগৈ , মিলন দুৱৰা আৰু প্ৰফুল্ল গগৈ ৷ সমিতিখনে প্ৰথম কাৰ্যসুচী অনুসৰি ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰৰ জৰিয়তে প্ৰদান কৰিব লগা দাবী সমুহ ক্ৰমে নিবনুৱাৰ বাবে স্বনিয়োজন আচঁনি প্ৰস্তুত আৰু উৎপাদনশীল ব্যৱস্থাৰে প্ৰতিগৰাকী নিবনুৱালৈ ৫ লাখ টকাৰ সাহাৰ্য , ৰাজ্যত সুৰাৰ প্ৰচলন বন্ধ কৰা , পঞ্চায়তী আইন সঠিক ৰুপত প্ৰৱৰ্তন কৰা , গাঁৱে গাঁৱে পঞ্চায়তী আদালত স্থাপন কৰা , নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প বন্ধ কৰা , জাতিধ্বংসী কা আইন বাতিল কৰা , খিলঞ্জীয়া লোকৰ বাবে ভুমি সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু বছৰি প্ৰতিটো সময়তে কৃষি কৰিবৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা ৷ লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰদান কৰিব লগীয়া দাবীসমুহ শীঘ্ৰে পুৰন নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Motorola ने 50MP कैमरा और 5000mAh बैटरी वाले दो नए Smartphone किए लॉन्च, चेक करें खूबियां और कीमत
मोटोरोला ने अपनी g Series में दो नए स्मार्टफोन को जोड़ा है। कंपनी ने ग्राहकों के लिए moto g 5G...
रानभाज्याचा प्रसार आणि प्रचार होण्यासाठी रानभाजी मोहोसत्वचे आयोजन फार महत्वाचे
- तहसीलदार वर्षा मनाळे
रानभाज्याचा प्रसार आणि प्रचार होण्यासाठी रानभाजी मोहोसत्वचे आयोजन फार महत्वाचे ...
દાહોદ જિલ્લામાં ધોરણ 10 12 બોર્ડની પરીક્ષાના સંદર્ભ પ્રતિબંધાત્મક આદેશો
દાહોદ જિલ્લામાં ધોરણ ૧૦-૧૨ બોર્ડની પરીક્ષાઓ સંદર્ભે પ્રતિબંધાત્મક આદેશો,પરીક્ષાના સ્થળની ૨૦૦ મીટર...
World Cup 2023: Travis Head ने ठोका तूफानी शतक, NZ गेंदबाजों के छूटे पसीने | वनइंडिया हिंदी
World Cup 2023: Travis Head ने ठोका तूफानी शतक, NZ गेंदबाजों के छूटे पसीने | वनइंडिया हिंदी