ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শোণিতপুৰ জিলাতো তেজপুৰ দোলাবাৰীস্থিত চুকাফা ভৱনত জিলা প্ৰশাসন আৰু টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ যৌথ উদ্যোগত অসম দিৱস উদযাপন কৰা হয় । আহোম ৰাজ্যৰ প্ৰথমজন ৰজা স্বৰ্গদেও চাওলোং ছ্যুকাফাৰ অসম আগমনৰ স্মৃতিত ১৯৯৬ চনৰ পৰাই প্ৰতি বছৰে ২ দিচেম্বৰ দিনটো অসম দিৱস হিচাপে পালন কৰি অহা হৈছে ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ সদস্য সকলৰ উপস্থিতিত অসমৰ প্ৰাণ প্ৰতিস্থাতা স্বৰ্গদেও চাওলোঙ ছ্যুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ ইয়াৰ পূৰ্বে টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ সভাপতি ভুবন চন্দ্ৰ গগৈয়ে এই উপলক্ষে পতাকা উত্তোলন কৰে।
আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে এক মুকলি সভাৰো আয়োজন কৰা হয় আৰু এই সভাত সভাপতিত্ব কৰে ভূবন চন্দ্ৰ গগৈয়ে। উল্লেখযোগ্য যে বিশিষ্ট চিকিৎসক, ডাঃ সুৰেন গগৈ, টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ উপদেষ্টা, প্ৰবীণ গগৈ, জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাহাবুদ্দিন আহমেদ আৰু আন গণ্যমান্য ব্যক্তি আজিৰ সভাত উপস্থিত থাকে ।
আজিৰ সভাত ভাষণ দি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্বৰ্গদেও চাওলোং ছ্যুকাফাই অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীক ঐক্য আৰু ভাতৃত্ববোধৰ জৰিয়তে একত্ৰিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সেইবাবে তেখেতক বৰ অসমৰ ভেটিগঢ়োতা হিচাপে গণ্য কৰা হয় বুলি মন্তব্য কৰে । লগতে আহোম সকলৰ আগমন আৰু তেওঁলোকৰ শাসন কালৰ বিষয়ে ব্যাখ্যা আগবঢ়াই উপায়ুক্ত গৰাকীয়ে স্বৰ্গদেও ছ্যুকাফাৰ নীতি-আদৰ্শ আৰু অসমীয়া সমাজৰ ভেটি গঠন কৰা পৰম্পৰা আৰু সংস্কৃতিক ৰক্ষা কৰি যাবলৈ ৰাইজক আহ্বান জনায়।
সভাত মূল ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ চাহাবুদ্দিন আহমেদে অসমত শাসন কৰা ৰাজবংশসমূহৰ ওপৰত দীঘলীয়াকৈ আলোচনা কৰাৰ লগতে প্ৰায় ৬০০ বছৰ ধৰি শাসন কৰা আহোম ৰাজবংশৰ আগমন আৰু ইতিহাসৰ লগতে স্বৰ্গদেও ছ্যুকাফাৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ৷ লগতে আহোম ৰজাসকলে গ্ৰহণ কৰা বিভিন্ন নীতিৰ আৰু শাসনব্যৱস্থাৰ ওপৰতো তেখেতে ব্যক্তব্য আগবঢ়ায় ৷
আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ সদস্যসকলে বিভিন্ন পৰম্পৰাগত আহোম প্ৰাৰ্থনা, গীত আৰু নৃত্যও পৰিৱেশন কৰে।