সোনাৰিৰ ন জৱকাত ভয়ংকৰ পথ দূৰ্ঘটনা : টাটা যুদ্ধা বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰি মহিলা সহ এটি শিশু আহত । 

      চৰাইদেউ জিলাৰ সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত ন জৱকাত সোনাৰিৰ চৰাইদেউ জিলা চিকিৎসালয়ৰ পৰা বৰহাট নলবৰীয়া গাওঁ লৈ টাটা যুদ্ধা বাহনত গৈ থকা অৱস্থাত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে । ঘটনাত গাড়ীত আৰোহী হিচাপে যোৱা চালক জনৰ মাতৃ টুটুমণি বৰগোঁহাই আৰু চালক জনৰ তিনি বছৰীয়া কন্যা উদিষ্ণা ধাদুমীয়া গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয় । ইফালে চালক উত্তম ধাদুমীয়া ও আহত হয় । আহত সকলক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় । মুৰত গুৰুত্ব ৰ ভাবে আঘাত প্ৰাপ্ত শিশুৰ লগতে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এ এম চি লৈ প্ৰেৰণ কৰে ।