বৰপথাৰত বৃহৎ পৰিমাণৰ   অবৈধ চুলাই ধ্বংস, এজনক গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ  আৰক্ষী থানাৰ অন্তৰ্গত ২নং বচাপথাৰ আৰু নাহৰবাৰী অঞ্চলৰ পৰা সৰুপথাৰ  আবকাৰী বিভাগে দুটাকৈ অবৈধ  চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু পৰিমাণৰ অবৈধ চুলাই ধ্বংস কৰিছে। দেওবাৰে  এক গোপন সূত্ৰৰ ভিত্তিত যোৱা  সৰুপথাৰ আবকাৰী বিভাগৰ এটা দলে দুটাকৈ অবৈধ  চুলাই ভাটিৰ লগতে প্ৰায় ২১০ লিটাৰ অবৈধ চুলাই আৰু চুলাই বনাবলৈ গেলাই থোৱা প্ৰায় ২৫ কেজি লালী গুৰৰ লগতে  চুলাই বনাবলৈ ব্যৱহৃত ড্ৰাম, প্লাছটিকৰ বাল্টি, গিলান আদিও ধ্বংস কৰে। আনহাতে অসম আবকাৰী সংশোধনী আইন ২০১৮ ৰ ধাৰা  ৫৩(এ)(১) ৰ অধীনত  দুটাকৈ গোচৰ ৰুজু কৰাৰ লগতে এই গোচৰৰ অধীনত এজন লোকক আটক কৰিছে।