১৯৯১ ৰ ২১ জুলাইত জন্ম গ্ৰহন কৰা সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ নৱম ত্ৰি - বাৰ্ষিক অধিৱেশন খন এই বাৰ মৰাণত অহা ১০ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত হ'ব । এই উপলক্ষে ইতিমধ্যে ড° মামণি ফুকন বৰগোহাঁইক সভানেত্ৰী , ড° নিশি বৰগোহাঁইক কাৰ্যকৰী সভানেত্ৰী , জ্যোতি দেউৰীক সাধাৰণ সম্পাদিকা হিচাপে লৈ বহু কেইখন উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ১০ ডিচেম্বৰৰ পুৱা ৮-৩০ বজাত সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী ড° ভানুপ্ৰভা শইকীয়াই । ইয়াৰ পাচতে অভ্যৰ্থনা সমিতিৰ পতাকা লগতে সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২ খন পতাকা উত্তোলন কৰা হ'ব ।পুৱা ৯ বজাত স্মৃতি তৰ্পন কৰিব সন্থাৰ প্ৰাক্তন উপদেষ্টা ছৈয়দা নুৰজাহানে । পুৱা ৯ - ৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব লোক সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই । পুৱা ১০ -৩০ বজাত বিয়ানাম আৰু উৰুলি প্ৰতিযোগিতা উদ্বোধন কৰিব মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে । প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিব মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰীফুকনে । ১১ নবেম্বৰত পুৱা ৯ - ৩০ বজাত " মহিলা কৰ্মচাৰীৰ সমস্যা আৰু আইনী সুৰক্ষা " আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে ভাগ লব অধিবক্তা ড° নাজৰাণা আহমেদ আৰু ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । দিনৰ ১২ - ৩০ বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । নিদিষ্ট বক্তা হিচাপে অংশ লব সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা পূৰবী ফুকনে । সভাত অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী , বিধায়কৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । উক্ত সভাতে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ " নিঝৰিনী " উন্মোচন কৰা হ'ব । স্মৰ্তব্য যে মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৰিবলৈ লোৱা অধিৱেশন খনৰ আজি লাইখুটা স্থাপন কৰা হয় । মাংগলিক উৰুলি আৰু ডবা ঘন্টাৰ মাজেৰে লাই খুটা স্থাপন কৰে মৰাণ আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক হিতেশ্বৰ বড়োৱে । অনুষ্ঠানত আদৰণী সমিতিৰ বিষয় - ববীয়া সকলৰ উপৰি সাংবাদিক বাছা বৰা , মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্ত , মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতাকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তিয়ে ভাগ লয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামখলাৰ বাহমল্লাত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰ ভাৱে আহত দুজন
ছিপাঝাৰৰ নামখলাত বাইকৰ মুখামুখি সংঘৰ্ষ।
গুৰুতৰভাৱে আহত দুজন।
আহত লোক দুজন হ'ল অৱসৰী শিক্ষক মহেশ...
गर्भवती महिलाओ को निशुल्क सोनोग्राफी का मिलेगा लाभ
जिले में मंगलवार को आयोजित हुए मुख्यमंत्री रोजगार उत्सव के दौरान मां वाउचर योजना का राज्यस्तरीय...
Modi -Shahका चुनाव के लिए बड़ा प्लान तैयार, देर रात BJP की बड़ी बैठक | CEC Meeting | Election 2024
Modi -Shahका चुनाव के लिए बड़ा प्लान तैयार, देर रात BJP की बड़ी बैठक | CEC Meeting | Election 2024
realme unveils World's First Cold-sensitive color-changing phone, realme 14 Pro Series 5G, and realme Buds Wireless 5 ANC starting from INR 22,999 and INR 1,599 respectively
Bengaluru, January 23, 2025:
realme, the most popular smartphone brand among...