মুক্তি যুদ্ধা তথা জননেতা ৰূপে খ্যাত ভীমবৰ দেউৰীৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰি ৰাজীৱ ভৱনত এখন স্মতি চাৰণ সভা অনুষ্ঠিত কৰা হয় ৷
স্মতি চাৰণ সভাখন আতঁধৰে জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নৃপেন কোৱঁৰে আৰু বন্তি প্ৰজ্বলন কৰে জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ৰুণু সন্দিকৈয়ে ৷ স্মৃতিচাৰণ সভাত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক লোহিত মহন ,নগৰ ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক নিপা ভৌমিক ,মহিলা কংগ্ৰেছৰ সম্পাদিকা নমিতা পাল, নেকিবুৰ ৰহমান ৰ উপৰিও দলীয় নেতা কৰ্মী সকল ৷