আলফাৰ প্ৰতিবাদ দিৱসত চৰাইদেউ আৰক্ষী নিৰাপত্তা বাহিনীৰ দ্বাৰা সষ্টম হৈ পৰিছে।অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ সোনাৰী নামতোলাত আলফাৰ প্ৰতিবাদ দিৱসত চৰাইদেউ আৰক্ষী সষ্টম নিৰাপতা বাহিনীৰ দ্বাৰা সজাই তোলা হৈছে। আলফাৰ সদস্যই নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰি যাতে কোনো ধৰণৰ কূটাঘাত মূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চৰাইদেউ আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে জিলা আৰক্ষীৰ দ্বাৰা।

জিলাখনৰ অসম নাগালেণ্ডৰ সীমান্তৰ সকলো যান-বাহন তন্নতন্নকৈ তালাচী চলাইছে নিৰাপত্তা বাহিনীৰ দলে। যাতে কোনোধৰণৰ কূটাঘাত মুলক ঘটনা চৰাইদেউ জিলাত ঘটিব নোৱাৰে। তাৰবাবে চৰাইদেউ জিলা আৰক্ষী আৰু নামতোলা আৰক্ষী আৰু সোনাৰী আৰক্ষীৰ দ্বাৰা এই অভিযান অব্যাহত ৰাখিছে।