মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিমণাগড় ত হৈছে এক পথ দূৰ্ঘটনা।শিৱসাগৰৰ পৰা সোনাৰী অভিমুখে আহিথকা অৱস্থাত এখন আই২০ গাড়ী নিমনাগড়ৰ পৰা অহা এখন গাড়ীয়ে তীব্ৰ বেগত আহি খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ASO4B0193 নম্বৰৰ এখন টাটা নেন গাড়ীয়ে শিৱসাগৰৰ পৰা সোনাৰী অভিমুখে আহি থকা অৱস্থাত এখন হোন্দাই আই২০ গাড়ীত খুন্দা মাৰোতে এই দুৰ্ঘটনা সংঘটিত হয়।ইতিমধ্যে ঘটনাস্থলীত মথুৰাপুৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ গাড়ীদুখন মথুৰাপুৰ আৰক্ষী থানাৰ জিম্মাত ৰাখিছে।কোনোহতাহত হোৱা নাই যদিও বাহনৰ যথেষ্ট ক্ষতি হৈছে।