সোণাৰিত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত।

চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত আৰু নামতোলা আৰক্ষী থানাৰ লগত নামতোলা আৰক্ষী থানা অন্তগৰ্ত গাঁওৰক্ষী বাহিনীৰ সহযোগত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা আজি নামতোলা বাগিচা খেলপথাৰত অনুষ্ঠিত হয় । উক্ত খেলখনত বৰহাট আৰক্ষী থানাই নামতোলা আৰক্ষী থানাক ১.০ গ’লৰ ব্যৱধানত পৰাজিত কৰে। 

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিংৰ দ্বাৰা উদ্বোধন কৰা প্ৰীতি ফুটবল প্ৰতিযোগিতা খেলখনত অতিথি হিচাপে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস , চি আৰ পি এফ, সহকাৰী কামাণ্ডেন্ট উপেন্দ্ৰ সিং, নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিৰ হামজা, বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰুৱা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কৃষ্ণ নেৱাৰ, আছা চৰাইদেউ জিলা সমিতিৰ উপ সভাপতি ধৰম দাস পাণিকা, নগালেণ্ডৰ টিজিত এলেকা ছাত্ৰ সন্থা (TASU) ৰ সভাপতি জেমছ কন্যাক, উপ-সভাপতি ফ'নিয়া কন্যাক, চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি মই (সূৰজ থাপা), নামতোলাৰ বিশিষ্ট সমাজকৰ্মী সকল আৰু হসস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত খেলখন উপভোগ কৰো।