আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি ভাৰতীয় ষ্টেট বেংক, সোণাৰী শাখাত চৰাইদেউ জিলাৰ প্ৰতিস্থিত ব্যৱসায়ী সকলৰ এখন সভা আয়োজন কৰা হয় | সভা খনত ভাৰতীয় ষ্টেট বেংকৰ ৰিজনেল অফিচ যোৰহাটৰ মূখ্য প্ৰবন্ধক শ্ৰী দিগন্ত কুমাৰ ৰাভাই ব্যৱসায়ী সকলক বেংকে আগবঢ়োৱা বিভিন্ন ঋণৰ সুবিধাৰ বিষয়ে অৱগত কৰে তথা ব্যৱসায়িক দিশত চৰাইদেও জিলাৰ সামগ্ৰিক উন্নতিৰ ক্ষেত্ৰত ব্যৱসায়ী সকলক ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগৰ প্ৰতিশ্ৰুতি দিয়ে| শিৱসাগৰৰ পৰা অহা বেংক বিষয়া পুলকেশ অমলানি এ "ই ডি এফ এছ" আৰু "ষ্টেণ্ড আপ ইন্দিয়া" ৰ বিষয়ে সবিশেষ বৰ্ণনা কৰে |

বেংক বিষয়া জ্যোতিস্মান দত্তই "এম এচ এম ই" ক্ষেত্ৰৰ বিভিন্ন ঋণ আৰু "পি এল এ পি" ঋণৰ বিষয়ে বৃস্তিত বৰ্ণনা কৰে | সভাত উপস্থিত জিলা খনৰ প্ৰতিস্থিত ব্যৱসায়ী চামিম আহমেদ, পংকজ সুৰেকা, চন্দন শৰ্মা, মনিচ চামৰিয়া আদিয়ে বক্তব্য আগবঢ়ায় | সভাখনত স্থানীয় উদীয়মান শিশু শিল্পী অভিলাশা কৃষ্টিজ্যোতি বৰুৱাই বৰগীত পৰিবেশন কৰে |